ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিংৰ মৃত্যুত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ গভীৰ শ্ৰদ্ধাঞ্জলি

ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিংৰ মৃত্যুত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ গভীৰ শ্ৰদ্ধাঞ্জলি

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিংৰ মৃত্যুত গুৱাহাটীৰ কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া কলেজ পৰিয়ালে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এখন স্মৃতি চাৰণ সভাৰ আয়োজন কৰে ৷ এই সভাত উপাধ্যক্ষা ড° মৌচুমী বৰদলৈ হাজৰিকাই ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিংৰ ব্যক্তিত্ব আৰু অৱদানৰ বিষয়ে চমু বক্তব্য আগবঢ়ায় ৷ জ্যেষ্ঠ অধ‍্যাপিকা ড° কানন মেধিয়ে তেওঁৰ কৰ্ম জীৱনৰ বিষয়ে বক্তব‍্য প্ৰদান কৰে ।কলেজ পৰিয়ালে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ উন্নয়নৰ বাবে সাংসদ পুঁজিৰ পৰা অনুদান আগবঢ়োৱা আৰু কলেজখন পৰিদৰ্শন কৰা বিষয়টোৰে তেওঁৰ এই কলেজখনৰ প্ৰতি থকা সদিচ্ছাৰ কথা অতি শ্রদ্ধাৰে সোঁৱৰণ কৰে । সভাত ছাত্ৰ একতা সভাৰ প্ৰাক্তন সদস‍্য সকল আৰু এপি বৰ্তমানৰ সদস‍্য সকল উপস্থিত থাকি প্ৰধানমন্ত্ৰীগৰাকীৰ আত্মাৰ শান্তিৰ কাৰণে শ্ৰদ্ধা জ্ঞাপন কৰে । সভাত শিক্ষক-শিক্ষয়িত্ৰী , কৰ্মচাৰীবৃন্দ আৰু ছাত্ৰ-ছাত্ৰীসকলে মৌন প্ৰাৰ্থনাৰে তেওঁৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰে৷