ভাৰতীয় দলত স্থান লাভ ৰিয়ান পৰাগৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় দলত স্থান লাভ কৰিলে অসমৰ ৰিয়ান পৰাগে। টি-২০ বিশ্বকাপৰ পিছতে জিম্বাবৱে ভ্ৰমণলৈ যাবলগীয়া ভাৰতীয় দলত স্থান লাভ কৰিলে অসম সন্তান ৰিয়ান পৰাগে। টি-২০ বিশ্বকাপৰ পিছতে জিম্বাবৱেত৫খন মেচৰ টি-২০ শৃংখলা অনুষ্ঠিত হ’ব। এই দলত স্থান লাভ কৰিলে অসমৰ ৰিয়ান পৰাগে।দলটোৰ অধিনায়কৰ দায়িত্ব দিয়া হৈছে শুভমণ গীলক। ভাৰতীয় দল নিৰ্বাচক কমিটীয়ে ১৫ জনীয়া এই দলটোত স্থান দিছে বৰ্তমান টি-২০ বিশ্বকাপ দলৰ অংশ হিচাপে থকা জশস্বী জয়ছোৱাল, সঞ্জু ছেমছন, ৰিংকু সিঙকো।৬ জুলাইৰ পৰা ১৪ জুলাইলৈ অনুষ্ঠিত হ’বলগীয়া এই ৫ খন টি-২০ ৰ শৃংখলাৰ পাছতে আকৌ ভাৰতীয় দলে শ্ৰীলংকা ভ্ৰমণ কৰিব। বিচিচিআয়ে ঘোষণা কৰা ভাৰতীয় দলটোঃ শুভমণ গীল (অধিনায়ক) জশস্বী জয়ছোৱাল, ৰুটুৰাজ গাইকোৱাড, অভিষেক শৰ্মা, ৰিংকু সিং, সঞ্জু ছেমছন (উইকেট কীপাৰ), ধ্ৰুৱ জুৰেল (উইকেট কীপাৰ) নীতিশ ৰেড্ডী, ৰিয়ান পৰাগ, ৱাশ্বিংটন সুন্দৰ, ৰবি বিঞ্চয়, আবেশ খান, খলিল আহমেদ, মুকেশ কুমাৰ আৰু তুষাৰ দেশপাণ্ডে।ৰিয়ান পৰাগে ভাৰতীয় দলত স্থান লাভ কৰাৰ পিছতে এতিয়া আনন্দিত হৈ পৰিছে অসমৰ ক্ৰিকেটপ্ৰেমীসকল। অসম তথা উত্তৰ-পূবৰ পৰা প্ৰথমবাৰৰ বাবে ভাৰতীয় ৰাষ্ট্ৰীয় ক্ৰিকেট দলত স্থান লাভ কৰা ৰিয়ানক লৈ গৌৰৱান্বিত অসমবাসী।