ভাৰতীয় জনতা যুৱ মৰ্চাৰ মত বিনিময়
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ উদ্যোগত ১৮ অক্টোবৰ তাৰিখৰ পৰা আৰম্ভ হোৱা ‘Youth Can lead’ Internship কাৰ্যসূচীৰ সামৰণি অনুষ্ঠান কাহিলীপাৰাস্থীত জ্যোতি চিত্ৰবনত অনুষ্ঠিত কৰা হয়৷এই সামৰণি অনুষ্ঠানৰ উদ্বোধনী সত্ৰত বিভিন্ন জিলালৈ পঠোৱা অৰাজনৈতিক প্ৰতিনিধিসকলৰ অভিজ্ঞতাৰ বিষয়ে মত বিনিময় কৰাৰ লগতে প্ৰতিনিধিসকলে নিজৰ অভিজ্ঞতা বৰ্ণনা কৰে।ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ সভাপতি ৰাকেশ দাসৰ সভাপতিত্বত অনুষ্ঠিত এই উদ্ধোধনী সত্ৰত অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ৰনোজ পেগু, বিজেপি অসম প্ৰদেশৰ কাৰ্যালয় সম্পাদক সুজিত বিশ্বাস আৰু ‘Youth Can lead’ কাৰ্যসূচীৰ ৰাজ্যিক আহ্বায়ক বিদ্যুৎ বিকাশ বৈশ্যৰ লগতে দলীয় বিষয়ববীয়া তথা কাৰ্যকৰ্তাসকল উপস্থিত থাকে।