ভাৰতীয় জনতা পাৰ্টিৰ সন্মিলিত বৈঠক

ভাৰতীয় জনতা পাৰ্টিৰ সন্মিলিত বৈঠক

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যিক বিজেপিৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়ত ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতা, সাধাৰণ সম্পাদক দিপ্লু ৰঞ্জন শৰ্মা, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, কোষ সমূহৰ তত্ববধায়ক মনোজ বৰুৱা,দেৱান ধ্ৰুৱ জ্যোতি মৰলৰ উপস্থিতিত ৰাজ্যিক বিজেপিৰ নীতি গৱেষণা, বৌদ্ধিক আৰু অৰ্থনৈতিক কোষৰ সৈতে সংবাদ বিভাগৰ এখন সন্মিলিত বৈঠক অনুষ্ঠিত হয়৷উক্ত বৈঠকত সকলো সন্মানীয় মুখপাত্ৰ, পেনেলিষ্ট আৰু সংবাদ বিভাগৰ কাৰ্যকৰ্তা সকলৰ সৈতে কোষ সমূহৰ আহ্বায়ক সহঃ আহ্বায়ক আৰু সদস্য সকল উপস্থিত থাকে৷