ভাৰতত ১৭,১৩৫ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত
ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ১৭,১৩৫ জনলোক কৰ’নাত নতুনকৈ আক্ৰান্ত হৈছে। আৰু যোৱা ২৪ ঘণ্টাত কৰ’নাত আক্ৰান্ত হৈ ৪৭ জন লোকৰ মৃত্যু হৈছে । নতুনকৈ মৃত্যু হোৱা লোকসকলৰ ভিতৰত কেৰালাৰ ১২জনলোক। আনহাতে কৰ’নাত আক্ৰান্ত হৈ ভাৰতত মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা ৫,২৬,৪৭৭ জনলৈ বৃদ্ধি হৈছে। ভাৰতত বৰ্তমান সক্ৰিয় ঘটনা আছে ১৩৭,০৫৭টা । সৰ্বাধিক সক্ৰিয় ৰোগী কেৰেলাত ১৩,১৭৭জন, মহাৰাষ্ট্ৰত ১২,৫৮৩জন আৰু পশ্চিম বংগত ১২,২৫৪জন আছে।