ভাৰতত মকৰ- সংক্ৰান্তি উদযাপন আৰু ইয়াৰ পৰম্পৰা
অসমীয়া হেঁপাহৰ অতিকৈ আপোন উৎসৱ হ’ল মাঘ বিহু। পুহ মাহৰ শেষ দিনত আৰু মাঘ মাহৰ আগদিনা অনুষ্ঠিত এই উৎসৰক যি দৰে ভোগালী বুলি কোৱা হয় ঠিক তেনে দৰে ইয়াক মকৰ- সংক্ৰান্তি বুলিও কোৱা হয়। কাৰণ এই উৎসৱ উদযাপন হয় মকৰ সংক্ৰান্তিৰ দিনা।
এই মকৰ সংক্ৰান্তিয়ে সমগ্ৰ ভাৰতৰ হিন্দু সকলৰ মাজত বিশেষ স্থান অধিকাৰ কৰি আছে, অৰ্থাৎ এই দিনটোক হিন্দু সকলে এটা প্ৰবিত্র দিন হিচাপে গণ্য কৰি,সমগ্ৰ ভাৰতৰ বিভিন্ন প্ৰদেশত বিভিন্ন জাতিয়ে নিজৰ নিজৰ পৰম্পৰা মতে আমি পতা মাঘ বিহুৰ দৰেই একে সময়তে বিভিন্ন ধৰণে সেইদিনা উৎসৱ আয়োজন কৰে উলহ -মালহেৰে।
অসমত সেইদিনা অনুষ্ঠিত উৎসৱ “মাঘ বিহু” নামেৰে জানো, ঠিক তেনেদৰে উত্তৰ প্ৰদেশত সেইদিনাৰ অনুষ্ঠিত উৎসৱক খিচিৰি নামেৰে জনাযায়। য’ত তেঁওলোকে গংগা, যমুনা, সৰস্বতী নৈৰ সংগমস্থল “প্ৰয়াগ”নামৰ এঠাইত এমাহলৈ মেলা পাতে। ইয়াৰ উপৰিও পশ্চিম বংগতো বেংগলী সকলে গংগা নৈৰ পাৰত মেলা পাতি তেওঁলোকৰ পৰম্পৰা ৰীতি- নীতিৰ মতে ইয়াক উদযাপন কৰে।
গুজৰাটত গুজৰাটী সকলে সেইদিনা আকাশত বিভিন্ন ধৰণৰ চিলা উৰুৱাই সূৰ্য দেৱতালৈ সন্মান নিবেদনকৰে। তেওঁলোকৰ মহিলা সকলে বিভিন্ন মিঠাই প্ৰস্তুত কৰে। বিশেষকৈ তিলৰ লাড়ু প্ৰস্তুত কৰি ওচৰ চুবুৰীয়াক উপহাৰ দিয়ে,কাৰণ এনে কৰিলে সম্পৰ্ক মধুৰবোৰ হৈ থাকে বুলি বিশ্বাস কৰে। গুজৰাটী সকলৰ লগতে সেইদিনা কৰ্ণাটকৰ লোকসকলেও মিঠাই প্ৰস্তুত কৰি তেওঁলোকৰ পৰ্দ্ধতিৰে মকৰ – সংক্ৰান্তি পালন কৰে।
তামিলনাডুৰ তামিল সকলৰ বাবেও মকৰ-সংক্ৰান্তি এটা উল্লেখযোগ্য দিন তেওঁলোকৰ কৃষি ক্ষেত্ৰৰ লগত জড়িত থকা লোকসকলৰ জনপ্ৰিয় পুংগল উৎসৱ মকৰ-সংক্ৰান্তি দিনাই উদযাপন কৰা হয়।
অন্ধপ্ৰদেশত মকৰ-সংক্ৰান্তি চাৰিদিনীয়াকৈ উদযাপন কৰা হয়। যিটো তেলেগু সকলৰ বছৰৰ সকলোকৈ ডাঙৰ উৎসৱ হিচাপে গণ্য কৰা হয়। এই উৎসৱৰ প্ৰথম তিনি দিন তেওঁলোকে নিৰামিষ ভোজন কৰে আৰু চতুৰ্থ দিনা সকলোৱে মিলি আমিষ ভোজন কৰে আৰু খেল-ধেমালি অনুষ্ঠিত কৰে।
পাঞ্জাৱত মকৰ-সংক্ৰান্তি দিনা অনুষ্ঠিত উৎসৱটোৰ নাম “লোহৰি” বুলি কোৱা হয়। যিটোৰ ৰীতি নীতি বোৰ আমাৰ মাঘ বিহুৰ দৰে কিছু একেই। আনহাতে উৰিষ্যাতো অনুষ্ঠিত হোৱা মকৰ-সংক্ৰান্তি দিনৰ উৎসৱ আমাৰ মাঘ বিহুৰ লগত কিছু মিলে।
কেৰেলাত সেইদিনা “আয়েপ্পা” নামৰ এজন দেৱতাক মকৰ-সংক্ৰান্তি আগৰ পৰা ৪৯ দিন পূজা কৰি সেইদিনা পূজাৰ সামৰণি কৰি উৎসৱ উদযাপন কৰে।।
মুন শৰ্মা, লখিমপুৰ