বাৰ্ত্তাসেৱা – কেন্দ্ৰীয় মন্ত্ৰী সদানন্দ গৌড়াই কয় যে সমগ্ৰ দেশতে প্ৰায় ৯,০০০ লোক মিউক’ৰ্মাইকোচিছ বা ক’লা ভেঁকুৰৰ দ্বাৰা সংক্ৰমিত হৈছে। দ্ৰুত গতিত বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে ভেঁকুৰৰ সংক্ৰমণৰ চিকিৎসাৰ বাবে ব্যৱহৃত এটা মুখ্য ঔষধৰ ২৩,০০০ তকৈও অধিক অতিৰিক্ত ‘ভাইল’ প্ৰভাৱিত ৰাজ্যসমূহলৈ প্ৰেৰণ কৰিছে বুলি তেওঁ লগতে জানিবলৈ দিয়ে।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি ভাৰতে শনিবাৰে কৰোনাভাইৰাছ সংক্ৰমণৰ নতুন ঘটনা ২.৫৭ লাখতকৈও অধিক নথিভুক্ত হৈছে, যাৰ ফলত কোভিড-১৯ ৰোগীৰ মুঠ সংখ্যা ২,৬২ কোটিলৈ বৃদ্ধি হৈছে। উল্লেখযোগ্য যে দেশখনে ২০,৬৬,২৮৫ টা নমুনা পৰীক্ষা কৰাত এক নতুন অভিলেখৰ সৃষ্টি হৈছে।
প্ৰায় তিনি সপ্তাহ ধৰি ৩ লাখৰো অধিক ঘটনা নথিভুক্ত হোৱাৰ পিছত, ভাৰতৰ দৈনিক ঘটনাবোৰৰ হাৰ কিছু হ্ৰাস পাই আহিছে। ১৫ মে’ৰ পৰা প্ৰায় ৩০,০০০ কোভিড ৰোগীৰ মৃত্যু হৈছে।