ভাৰতক আঁতৰাই টেষ্ট ৰেংকিঙৰ শীর্ষ স্থানত অষ্ট্ৰেলিয়া

ভাৰতক আঁতৰাই টেষ্ট ৰেংকিঙৰ শীর্ষ স্থানত অষ্ট্ৰেলিয়া

ৰঙিলী বাৰ্ত্তাসেৱা- বিশ্ব ক্ৰিকেটৰ সৰ্বোচ্চ সংস্থাটোৱে আইচিচিৰ বাৰ্ষিক ৰেংকিং তালিকা প্রকাশ কৰিলে। দীর্ঘদিন ধৰি টেষ্ট ৰেংকিঙৰ শীৰ্ষ স্থান দখল কৰি থকা ভাৰতীয় ক্রিকেট দলটোৱক শীর্ষ স্থানৰ পৰা আঁতৰাই শীৰ্ষ স্থান দখল কৰিছে অষ্ট্ৰেলিয়াই।অৱশ্যে এদিনীয়া আৰু টি-২০ৰ দলীয় ৰেংকিঙত শীর্ষস্থান অক্ষুণ্ণ ৰাখিছে টীম ইণ্ডিয়াই।  শুকুৰবাৰে প্ৰকাশ কৰে আইচিচিৰ দলীয় ৰেংকিং তালিকাৰ বাৰ্ষিক আপডেট। তাত অষ্ট্ৰেলিয়াই ৩০খন টেষ্টত ৩৭১৫ পইন্ট লাভ কৰি টেষ্ট ৰেংকিঙৰ শীর্ষ স্থানটো দখল কৰে। অষ্ট্ৰেলিয়াৰ বেটিং পইন্ট হৈছে ১২৪। ভাৰতে ১২০ পইন্ট ৰেটিং পইণ্টৰে দ্বিতীয় স্থানত আছে। ৰোহিত শর্মা বাহিনীয়ে ২৬খন টেষ্টৰ পৰা ৩১০৮ পইন্ট সংগ্ৰহ কৰিছে। তৃতীয়ৰ পৰা পঞ্চম স্থানত আছে ক্রমে ইংলেণ্ড, দক্ষিণ আফ্রিকা আৰু নিউজিলেণ্ড। পাকিস্তানে ষষ্ঠ স্থানলৈ অৱনমিত হৈছে। বিগত বছৰৰ জুনত টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত ভাৰতে অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হোৱাত বার্ষিক ৰেংকিঙত প্ৰভাৱ পৰে। অৱশ্যে টি-২০ আৰু এদিনীয়াত শীর্ষস্থানটো নিজৰ দখলতে ৰাখিছে ভাৰতে। এদিনীয়াত তেওঁলোকৰ ৰেটিং পইন্ট হৈছে ১২২। আনহাতে টি-২০ত ২৬৪ ৰেটিং পইন্ট। টি-২০ত দ্বিতীয় স্থানত আছে অস্ট্রেলিয়া। তৃতীয় স্থানলৈ অৱনমিত হ’ল ইংলেণ্ড। দুটা স্থান আগুৱাই দক্ষিণ আফ্রিকাই চতুর্থ স্থানলৈ উন্নীত হয় যদিও এটা স্থান পিছুৱাই পঞ্চমলৈ অৱনমিত হয় নিউজিলেণ্ড।