ভাদ মাহ
আয়নাল হক , ধুবুৰী
আইতা যায় নামঘৰলৈ বগা সাজযোৰ পিন্ধি
ৰিহা,চেলেং চাদৰ,গামোচাৰে ধুনীয়াকৈ সাজি।
ভাদ মাহ আহিলে আইতাক কোনে পায়
দিন বাৰ গণি গণি ততকে নাপায়।
এদিন বোলে আজি আছে মহাপুৰুষৰ তিথি
অন্য এদিন উলহ-মালহৰ জন্মাষ্টমী।
হৰিনামৰ মধুৰ ৰসে নামঘৰ কঁপায়
আই-বাপসকলে ভাদমাহত আহৰিকে নাপায়।
শঙ্কৰদেৱে সিঁচি গ’ল নামৰ কঠীয়া
অসমীয়াৰ হৃদয় ভেদি বয় নিজৰা।
শঙ্কৰী কলা-কৃষ্টিৰ উৎস নামঘৰ
ভাওনা-সবাহ, বৰগীত অতি আদৰৰ।
ঘৰে ঘৰে মাহ-প্ৰসাদৰ যোগান ধৰে ভাদ মাহত
আইসকলে নাম লয় পৱিত্ৰ ভাবত।
অপায়-অমঙ্গল আঁতৰাবলৈ গৃহস্থই আঁঠু লয়
আইসকলৰ আশীৰ্বাদত মানসিক শান্তি হয়।
নামৰ শেষত আইতা আহে হাতত টোপোলা লৈ
নাতিহঁতে বাট চাই থাকে আইতা অহালৈ।
ভাদ মাহত সকলোৰে মন ফৰকাল হয়
বিশ্বাসেই ভগৱান আশীৰ্বাদতে মিলয়।