ভগ্ন হৃদয়ৰ শৈল লগৰী – ৰশ্মি ৰেখা দুৱৰা

ভগ্ন হৃদয়ৰ শৈল লগৰী

ৰশ্মি ৰেখা দুৱৰা, ডিব্ৰুগড়

বাকৰুদ্ধ কাৰাগাৰৰ শিকলি খুলি
নীৰৱ স্পন্দনৰ আকুলতাৰে
স্নিগ্ধতাৰ লালিত্য।
দূৰৈত জিলিকিছে নীলা পাহাৰ
বহ্নিত কৰাৰ এক ইচ্ছা
শিলৰ নদীৰ মুক্ত কক্ষত।
নীলা পাহাৰৰ উজ্জ্বলতা
নিমিষতে মেঘাচ্ছন্ন আকাশে
ঢাকি ধৰি কালিমা সানিলে।
নিৰ্মল পানীৰ প্ৰশান্তিত
নৈখনে জিৰি-জিৰি শব্দেৰে
কলুষিত জীৱনৰ সুপ্ত মাধুৰিক
জীপাল কৰাত মুগ্ধ।
পাহাৰৰ নীলা আভাই
অশ্ৰুসিক্ত নয়নক দুবাহুত
আলিঙ্গনৰ প্ৰতিশ্ৰুতি।