বৰ্তমানে মানুহে মানুহক ব্যৱহাৰত লগাই আৰু টকাক বহুত ভাল পায় – চন্দ্ৰ শেখৰ পৰাজুলী

বৰ্তমানে মানুহে মানুহক ব্যৱহাৰত লগাই আৰু টকাক বহুত ভাল পায়
চন্দ্ৰ শেখৰ পৰাজুলী,
   বিশ্বনাথ চাৰিআলি
আমি দিন প্ৰতিদিনে উন্নতিৰ জখলা বগাবলৈ ইচ্ছা প্ৰকাশ কৰোঁ। ইয়াৰ ফলস্বৰূপে হয়তো আমি অতীতৰ তুলনাত বৰ্তমান সময়ত বহু দিশতে উন্নতিৰ মাৰ্গ সুনিশ্চিত কৰিবলৈ সক্ষম হৈছোঁ নহয়নে? তথাপিও আমি এনে কিছুমান ক্ষেত্ৰত হয়তো কবলৈ বাধ্য যে, আজিৰ তুলনামূলকভাৱে কিছু কিছু ক্ষেত্ৰত আমাৰ এৰি থৈ অহা অতীতৰ সময়খিনিয়ে বৰ আমোদজনক আছিল। কাৰণ অতীততে মানুহে টকাক ব্যৱহাৰত লগাইছিল আৰু মানুহে মানুহৰ প্ৰতি আদৰ, সন্মান,মৰম, চেনেহ, ভাতৃত্ববোধ আদিৰ ধাৰণাৰে এজনে আনজনৰ প্ৰতি আন্তৰিকতা গা কৰি উঠিছিল। কিন্তু বৰ্তমানে মানুহে মানুহক ব্যৱহাৰত লগাই আৰু টকাকে বহুত ভাল পোৱা পৰিলক্ষিত হৈছে। ইয়াৰ ফলত এতিয়াৰ মানুহৰ মাজত মনৱতাবোধ,ভাতৃত্ববোধ,মৰম, চেনেহ, আদৰ, সন্মান আদি দিনক দিনে নাইকীয়া হৈ পৰিছে। এনেধৰণৰ পৰিস্থিতি উদ্ভাৱন হোৱাৰ মূল কাৰণেই হ’ল টকা-পইচা সংগ্ৰহৰ প্ৰতি মানুহৰ দূৰ্বলতা বৃদ্ধি পাবলৈ ধৰিছে। সেয়েহে বৰ্তমানসময়ত মানুহৰ তুলনামূলকভাৱে টকা ওজন অত্যধিক ৰূপত বৃদ্ধি পোৱা দৃষ্টিগোচৰ হৈছে। সেয়েহে এনেধৰণৰ পৰিস্থিতি উদ্ভাৱন হোৱাৰ বাবে মূলতঃ আমি সকলোৱে সকলোকে দোষাৰোপ কৰা উচিত হ’ব। কিন্তু কেৱল এজনে আনজনৰ প্ৰতি দোষাৰোপ কৰি থকাতকৈ ইয়াৰ সঠিক সমাধান পোৱাৰ প্ৰতি মানৱ জাতি অতি সোনকালেই সচেতন হোৱা উচিত হ’ব যেন মোৰ অনুভৱ হয়। নহ’লে আমাৰ জীৱন যেনতেনেকৈ পাৰ কৰিবলৈ সক্ষম হ’লেও আমাৰ উঠি অহা নৱপ্ৰজন্মৰ বাবে আহি থকা দিনবোৰ বা অনাগত ভবিষ্যতৰ দিনবোৰত বহু জটিল পৰিস্থিতিৰ সন্মুখীন কৰিবলগীয়া হ’ব পাৰে। আচলতে আমি মানু্হৰ জীৱনৰ মূল্যৰ তুলনাত টকা-পইচা মূল্যক অগ্ৰাধিকাৰ প্ৰদান কৰিছোঁ। আমি আন্তৰিকভাবে সচেতন হ’বলৈ ইচ্ছা প্ৰকাশ কৰিলেও বৰ্তমান সময়ত গা কৰি উঠা পৰিস্থিতিবোৰে আমাৰ মস্তিষ্কত বাধা উৎপন্ন কৰা দেখা যায়। কিয়নো আমি যেতিয়া এখন চলচ্চিত্ৰ চাবলৈ যাওঁ তাতে আমাৰ মনে বিচাৰি ধৰণৰ অৰ্থাৎ প্ৰতিজন মানুহৰ সহজাত প্ৰবৃত্তিবোৰ উজাগৰ কৰা পৰিলক্ষিত হয়। ইয়াৰ ফলস্বৰূপে কনমান সময়ৰ বাবে হ’লেও এখন চলচ্চিত্ৰৰ মাধ্যমেৰে আমাৰ মনক শান্তনা প্ৰদান কৰো নহয়নে ? কিন্তু এখন চলচ্চিত্ৰ মাধ্যমেৰে যিবোৰ কথা আমি চাবলৈ ইচ্ছা প্ৰকাশ কৰোঁ সেই একেই ধৰণৰ কথা বাস্তৱ জীৱনত ৰূপান্তৰ কৰিবলৈ বহু সংঘৰ্ষ কৰিবলগীয়া হ’ব পাৰে। সেয়েই আমি তেনেকুৱা ধৰণৰ কথাবোৰক লৈ বাস্তৱ জীৱনত সংঘৰ্ষ বা সংগ্ৰাম কৰিবলৈ ইচ্ছা প্ৰকাশ নকৰোঁ। তথাপিওঁ আমি সঁচা কথাবোৰ নিজৰ অন্তৰত দমন কৰি ৰাখিবলৈ সক্ষম হ’লেও নিজকে নিজে কেতিয়াও ফাকি দিব নোৱাৰোঁ। সেয়েহে আমি পৰিস্থিতিৰ ওপৰত বাধ্য হৈ টকা-পইচাৰ প্ৰতি অধিক প্ৰাধান্য প্ৰদান কৰিলেওঁ মানুহৰ মাজত থকা মানৱতাবোধ  বৰ্তমান সময়লৈকে কম-বেছি পৰিমাণে সকলো মানুহৰ অন্তৰত অন্তৰ্নিহিত হৈয়ে আছে বুলি ক’ব লাগিব । কিন্তু আমি ইমানতে শান্ত নাথাকি উঠি অহা নৱপ্ৰজন্মৰ বাবে এখন সুন্দৰ ভবিষ্যত নিৰ্মাণৰ বাবে হয়তো আমি আজিয়ে মাৰ্গ সুনিশ্চিত কৰি দিয়াৰ দায়িত্ববোৰ আকোঁৱালি লোৱা উচিত হ’ব।