বৰিহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ধনৰ কেলেংকাৰীত গ্ৰেপ্তাৰ
মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- ঐতিহ্যমণ্ডিত আমৰাঙ্গা বৰিহাট উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাক্তন অধ্যক্ষ ডঃ নগেন চন্দ্ৰ দাসে ধনৰ কেলেংকাৰীত অভিযুক্ত হৈ অৱশেষত হল গ্ৰেপ্তাৰ। পলাশবাৰী আৰক্ষীয়ে যোৱা নিশা গ্রেপ্তাৰ কৰিছে প্ৰাক্তন অধ্যক্ষগৰাকীক। যোৱা নিশা মিৰ্জাৰ পৰা গ্ৰেপ্তাৰ কৰিছে ডঃ নগেন চন্দ্ৰ দাসক। ইতিমধ্যে পলাশবাৰী আৰক্ষী থানাত ৰুজু হৈছিল গোচৰ। দক্ষিণ কামৰূপ আমৰাঙ্গা বৰিহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ২২ লাখ ৬৫ হাজাৰ টকা লুণ্ঠন কৰাৰ অভিযোগত অভিযুক্ত হৈ আছিল প্ৰাক্তন অধ্যক্ষগৰাকী।চৰকাৰী হিচাপত পোহৰলৈ আহিছিল এই লুণ্ঠনৰ ঘটনা। উল্লেখ্য যে কিছুদিন পূর্বে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাক বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়াই আবেদনৰ জৰিয়তে জনাইছিল সকলো কথা আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশত CM ভিজিলেঞ্চৰ কাষ চাপিছিল বিদ্যালয় পৰিচালনা সমিতি প্ৰাক্তন অধ্যক্ষগৰাকী আৰু জেল হাজোতলৈ প্ৰেৰণৰ কৰাৰ ব্যৱস্থা কৰিছে ৷