বৰিহাটত স্কুটীৰ খুন্দাত পথচাৰী আহত

pc- onmanorama

বৰিহাটত স্কুটীৰ খুন্দাত পথচাৰী আহত

সংকটজনক অৱস্থাত গুৱাহাটীৰ এক্সেল কেয়াৰত ভৰ্তি

শৈলেন কুমাৰ, মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত অসম মালা অধীনৰ মিৰ্জা চানডুবি পথ সংলগ্ন বৰিহাটত আজি বিয়লিৰ ভাগত প্ৰচণ্ড জোৰত অহা এখন স্কুটীৰ খুন্দাত দীপক দাস নামৰ এগৰাকী পথচাৰী গুৰুতৰভাৱে আহত হয়। এই উদণ্ড স্কুটী চালকৰ খুন্দাত বৰিহাট বজাৰ পথেৰে খোজ কাঢ়ি আহি থকা দীপক দাসে পথৰ মাজতে বেয়াকৈ বাগৰি পৰে। লগে লগে তেওঁৰ মুখেৰে তেজ ওলাই আহে। এনে ঘটনা সংঘটিত হোৱাৰ পিচত ঘটনাস্থলীত বহু লোকৰ সমাগম হৈ তেওঁক উন্নত চিকিৎসাৰ বাবে ততাতৈয়াকৈ গুৱাহাটীৰ এক্সেল কেয়াৰলৈ প্ৰেৰণ কৰে। তেওঁৰ সম্প্ৰতি জৰুৰী চিকিৎসা চলি আছে। আনহাতে এই ঘটনা সংঘটিত কৰা স্কুটী চালক যুৱকজনক ৰাইজে আৰক্ষীৰ হাতত চমজাই দিয়ে বুলি জানিব পৰা গৈছে। উল্লেখ যে,অসম মালা অধীনৰ মিৰ্জা চানডুবি এই পথছোৱাত সঘনাই দুৰ্ঘটনা সংঘটিত হোৱাই নহয়,একাংশ যানবাহনৰ দৌৰাত্ম্যত মানুহৰ মৃত্যু ঘটি আহিছে। কিন্তু আৰক্ষী প্ৰশাসন,পৰিবহন বিভাগ বা দল সংগঠনে কোনো ব্যবস্থাগ্রহণ কৰিবলৈ সক্ষম হোৱা নাই।