বৰাক উপত্যকা উন্নয়ন বিভাগ গঠনত অনুমোদন অসম কেবিনেটৰ
ৰঙিলী বাৰ্ত্তাসেৱা- অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। চাৰিগৰাকী নতুন মন্ত্ৰীৰ অন্তর্ভুক্তিৰে অসম মন্ত্রীসভাৰ সম্প্ৰসাৰণৰ পাছতে শনিবাৰে সন্ধিয়াৰ ভাগত কইনাধৰাস্থিত ১নং ৰাজ্যিক অতিথিশালাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকে এলানি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেট বৈঠকৰ অন্তত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই সংবাদমেল সম্বোধন কৰি কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত সমূহ উল্লেখ কৰে। সেই অনুসৰি এই কেবিনেটে বৰাক উপত্যকাত সু-শাসনৰ নতুন দিগন্ত হিচাপে বৰাক উপত্যকা উন্নয়ন বিভাগ গঠনত অনুমোদন জনায়। চৰকাৰী ব্যৱস্থাক নাগৰিকসকলৰ অধিক কাষলৈ অনা আৰু বৰাক উপত্যকাৰ ন্যায়সংগত উন্নয়নৰ প্ৰয়াসৰ বাবে কেবিনেটে বৰাক উপত্যকা উন্নয়ন বিভাগ গঠনত অনুমোদন জনাইছে। সেইদৰে স্বচ্ছ শক্তি উৎপাদন বৃদ্ধিৰ বাবেও এই কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে। কৃষকসকলৰ উপাৰ্জন বৃদ্ধি কৰিবলৈ আৰু স্বচ্ছ বিকল্প ইন্ধনৰ দিশত গুৰুত্ব দি কেবিনেটে তিনি বছৰৰ বাবে তিনি শস্য আধাৰিত ইথানল প্রস্তুতকাৰী গোটক ইথানলৰ দুই টকা/লিটাৰ হাৰত উৎপাদন সংযোজিত উদগনিক অনুমোদন জনাইছে। একেদৰে উক্ত কেবিনেটে মৃত কাৰাবন্দীসকলৰ নিকটাত্মীয়লৈ বিত্তীয় সমর্থন আগবঢ়োৱাৰ প্ৰস্তাৱত অনুমোদন জনায়। অসমৰ কাৰাগাৰৰ কাৰাবন্দীসকলৰ অপ্ৰাকৃতিক মৃত্যুৰ বাবে মৃতকৰ নিকটাত্মীয়ক ক্ষতিপূৰণ পৰিশোধৰ নীতিত অনুমোদন জনাইছে।সেই অনুসৰি কেনে অপ্ৰাকৃতিক কাৰণত এককালীন ক্ষতিপূৰণ প্ৰদান কৰা হ’ব সেয়াও নিৰ্ধাৰণ কৰি দিছে কেবিনেটে । অপ্ৰাকৃতিক মৃত্যুৰ কাৰণসমূহ এনেদৰে নিৰ্ধাৰণ কৰা হৈছে- কয়দীসকলৰ মাজত কাজিয়াত মৃত্যু হ’লে দুই লাখ, কাৰাগাৰৰ কৰ্মচাৰীৰ দ্বাৰা অত্যাচাৰ-প্ৰহাৰত মৃত্যু ঘটিলে ৩ লাখ টকাৰ সাহাৰ্য দিয়া হ’ব নিকটাত্মীয়ক ৷ আনহাতে কাৰাগাৰৰ কৰ্মচাৰীৰ দ্বাৰা কৰ্তব্যত অৱহেলাৰ ফলত কয়দীৰ মৃত্যু হ’লে ৪ লাখ টকাৰ ক্ষতিপূৰণ দিয়া হ’ব নিকটাত্মীয়ক । লগতে, চিকিৎসা বিষয়া-পেৰামেডিক্সৰ দ্বাৰা অৱহেলাত মৃত্যু হ’লে ৪ লাখ টকা আৰু বন্দীসকলৰ দ্বাৰা আত্মহননৰ ঘটনা ঘটিলে ৩ লাখ টকা লাভ কৰিব নিকটাত্মীয়ই ।