বৰাকত বানৰ কালৰূপ

বৰাকত বানৰ কালৰূপ

ৰঙিলী বাৰ্ত্তাসেৱা-  সামুদ্রিক ঘূর্ণি ৰেমালৰ প্ৰভাৱত ৰাজ্যত সৃষ্টি হোৱা বান বৰাক উপত্যকাৰ তিনি জিলা কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিৰ লগতে নগাঁৱৰ কামপুৰৰ পৰিৱেশ জটিল হৈয়ে আছে। কাছাৰত বৰাক নৈয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সমান্তৰালভাৱে কৰিমগঞ্জ আৰু হাইলাকান্দিৰ বহু গাঁও এতিয়াও জলমগ্ন হৈ আছে।  সেইদৰে কামপুৰত কপিলী নৈৰ জলপৃষ্ঠ কিছু হ্রাস পাইছে যদিও এইবাৰ তাণ্ডৱ সৃষ্টি কৰিছে নিশাৰী নৈয়ে। নিশাৰীৰ বাঢ়নী পানীয়ে অর্ধশতাধিক গাঁও বুৰাই পেলাইছে। আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল যে এতিয়াও শিলচৰ-গুৱাহাটীৰ মাজত পথ যোগাযোগ সুচল হৈ উঠা নাই। ৬নং ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ থকাৰ ফলত যোগাযোগ ব্যৱস্থা ব্যাহত হৈ আছে। সেইদৰে লামডিং ৰে’লৱে সংমণ্ডলে বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই বাতিল কৰিছে কেইবাখনো ৰে’লৰ চলাচল। সামগ্রিকভাৱে ৰাজ্যৰ ১০খন জিলাৰ অন্তৰ্গত ২৫টা ৰাজহ চক্ৰ এলেকা সম্প্রতি পানীৰ তলত। এই জিলাকেইখন হ’ল- হাইলাকান্দি, হোজাই, মৰিগাঁও, কৰিমগঞ্জ, নগাঁও, কাছাৰ, ডিব্ৰুগড়, গোলাঘাট, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও। জেঠমহীয়া বানে ঘৰ- দুৱাৰকে ধৰি বিস্তীর্ণ কৃষিভূমি জলমগ্ন কৰাৰ ফলত হাহাকাৰ অৱস্থা হৈছে ৬ লক্ষাধিক বন্যাৰ্তৰ। অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে  প্ৰকাশ কৰা তথ্য অনুসৰি উক্ত ১০ জিলাত বন্যাৰ্তৰ সংখ্যা হৈছে ৬,০১,৬৪২জন। সেইদৰে বানত জাহ গৈছে ৪,৮৭৮.৫ হেক্টৰ কৃষিভূমি। কালৰূপ ধাৰণ কৰা বানে কাছাৰ,কৰিমগঞ্জ আৰু হাইলাকান্দিত এটি কিশোৰসহ পুনৰ তিনিজনৰ প্ৰাণ কাঢ়িলে। ইয়াৰ লগে লগে এইবাৰৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা ১১ জনলৈ বৃদ্ধি হয়। হাইলাকান্দিৰ বাঙালপুৰৰ খুলিচৰাত বানপানীত উপচি পৰা এটা খালত পৰি লুটফুৰ ৰহমান লস্কৰ নামৰ এজন লোকৰ মৃত্যু ঘটে। ভৰি ধুবলৈ গৈ উপচি পৰা পানীত মৃত্যু হোৱা লস্কৰৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। সেইদৰে দক্ষিণ কৰিমগঞ্জৰ বান্দৰকোনাত বানে উটুৱাই নিয়ে ছাহিদুল আলম লস্কৰ নামৰ এজন ২০ বছৰীয়া যুৱকক। পুৱা মাছ মাৰিবলৈ গৈ পানীত পৰা যুৱকজনৰ মৃতদেহ পৰৱৰ্তী সময়ত উদ্ধাৰ কৰা হয়। কাছাৰ জিলাৰ লক্ষীপুৰ বিধানসভা সমষ্টিৰ অন্তর্গত লাবকত সলিল সমাধি ঘটে এটি কিশোৰৰ। ঘৰৰ সমীপত সমনীয়াৰ সৈতে খেলি থকা অৱস্থাত শ্যামকুমাৰ পানিকা নামৰ ১৪ বছৰীয়া কিশোৰটি পানীত পৰি যায়। এছডিআৰএফৰ দলে পিছত অভিযান চলাই কিশোৰটিৰ মৃতদেহ উদ্ধাৰ কৰে।