বৰষুণ জাক আহিলে –  যমুনা দুলু বৈশ্য

PC - The Statesman

বৰষুণ জাক আহিলে

 যমুনা দুলু বৈশ্য

তীব্ৰ বৰষুণ জাক আহিলে
ফেনে-ফোটোকাৰে প্ৰচণ্ড বান আহে
নদীৰ বুকেয়েদি.
শেলুৱৈ ধৰা উইচিৰিঙাৰ খুপনি পাতে
উটাই নিয়ে মাটিৰ শিপা ওপঙি গছ বিৰিখ
হেৰুৱাই পেলায় থৰকাচুটিৰে
মনৰ দোমাজত আঁকি ৰয়
শাশ্বত দুখৰ ভয়ানক ছবি ,
সেন্দুৰীয়া সপোন বোৰ উদং হৈ ৰয়
চকু পানীৰে ভৰে
প্ৰেমৰ আখলত জ্বলে ভোকৰ তাড়না
অনুভৱী ৰং বোৰ বুজাব নোৱাৰা ক্ষণ চাই
পদূলীত গজে হেঁপাহ বোৰৰ স’তে
কিছু হেৰাই ,কিছু সোঁৱৰণিত
পাবলৈ নাই অলপ সহানুভূতি ,এধানি স্নেহ
এষাৰি মাত পাবলৈ বিচাৰে অমাতৰ মাত ।