বৰষুণ
এছ ইছলাম, শিক্ষক, বৰপেটা
নেৰানেপেৰা বৰষুণ
গোটেই অসমত
কৃত্ৰিম বানপানী
নগৰ-চহৰত
পকী আলিবাটত
মাছৰ উজান।
দোপালপিটা বৰষুণত
স্কুল-কলেজ বন্ধ
ল’ৰা-ছোৱালীৰ মনত
বৰ আনন্দ
বিদ্যালয় লৈ যাব নেলাগে।
ধাৰাসাৰে বৰষুণত
পাহাৰ খহিছে
পানী বাগৰি গৈছে
বৰলুইত পগলা হৈছে
বেঙেনা জলকীয়া খেতিত
মাছে টহল দিছে।
কিনকিনিয়া বৰষুণত
মথাউৰী ভাঙিছে
ঘৰবাৰী পানীত পোত গৈছে
মানাহ-বেঁকীৰ ঢল
প্ৰাণ হৈছে চঞ্চল।
টিপটিপ বৰষুণত
ফুলৰা চতলা
পানীত সাঁতুৰিছে
গিৰি বাঘবৰ
মিচিকিয়াই হাঁহিছে।