বৰষুণৰ আনন্দ – ছেলিমা বেগম

বৰষুণৰ আনন্দ
ছেলিমা বেগম, নগাঁও
এজাক বৰষুণৰ আনন্দ মন মতলীয়া
মেঘৰ লগত মন মোৰ উৰণীয়া।
টুপ টুপ টাপ টাপ বৰষুণ দিয়ে যেতিয়া
প্ৰিয়তম তোমাৰ কথা মনত পৰে তেতিয়া।
মেঘৰ চপৰা এটাত বহি লিখিম কবিতা
পাতি থাকিম ছাতি ধৰি কথা।
দুয়োৰে মনৰ ভোজ ল’বলৈ আহিল বৰষুণ জাক
বিলাতী মদিৰা হাতত লৈ মাতি থাকিম তোমাক।
অভিমানী প্ৰিয়তম নকৰিব খং
বৰষুণত তিতিলে মনত লাগে ৰং ।
মেঘালী চুলি মেলি দি ৰৈ আছোঁ
গীত গাই গাই বৰষুণৰ পানী ছটিয়াই দিছোঁ।
কাষতে পাই দুয়ো বৰষুণত তিতিম ।
মনৰ আনন্দত আত্মহাৰা হৈ নাচি থাকিম।