বৰপেটাৰোডৰ ষ্টেডিয়ামখন আধুনিকীকৰণৰ প্ৰচেষ্টাক শলাগ

বৰপেটাৰোডৰ ষ্টেডিয়ামখন আধুনিকীকৰণৰ প্ৰচেষ্টাক শলাগ

ৰঙিলী বাৰ্ত্তসেৱা- বৰপেটাৰোডৰ ষ্টেডিয়ামখন আধুনিকীকৰণ কৰাৰ কাৰণে বহুদিন আগৰে পৰা প্ৰচেষ্টা অব্যাহত আছিল ৷ এই প্ৰচেষ্টাৰ আধাৰতে ক্ৰীড়া সঞ্চালকালয় কাৰ্যালয়ে বৰপেটা জিলা আয়ুক্ত আৰু লোক নিৰ্মাণ বিভাগক এই সন্দৰ্ভত চৰজমিন তদন্ত কৰি এক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল ৷ তাৰ পৰিপ্ৰেক্ষিততে বৰপেটাৰোডত মন্ত্ৰী ৰঞ্জিত দাসৰ লগতে ক্ৰীড়া বিভাগৰ অতিৰিক্ত আয়ুক্ত গীতাশ্ৰী লাচিত, বৰপেটা জিলা ক্ৰীড়া বিষয়া ধ্ৰুৱজ্যোতি ডেকা, প্ৰাক্তন ক্ৰীড়া বিষয়া ভূপেন দেৱচৌধুৰীকে আদি কৰি কেইবাজনো বিশিষ্ট ব্যক্তিৰ উপস্থিতিত প্ৰাককলণ যুগুত কৰা হয় ৷