বৰদৈচিলা
হাইছ উদ্দিন আহমেদ
নগাঁও
বৰদৈচিলা বৰদৈচিলা কলৈ বাৰু যোৱা
বহাগ আহিল, টোপনি ভাগিল
এবাৰ দোপোন চোৱা
যত বা-মাৰলিহঁতক
নোকোৱাকৈ অকলেই কিয় যোৱা।
হিল-দল ভাঙি বৰদৈচিলা
তুমি কলৈ বাৰু ঢাপলি মেলিছা
বৰদৈচিলা নকবা তুমি
যত বা-মাৰলিহঁতক
গম পালে সুধিব তোমাক
আমালৈ কিনো আনিছা!
প্ৰতি বছৰে বৰদৈচিলা তুমি
ব’হাগ বিহুৰ আগে-পাছে আহি
কেলেই ঘৰ-বাৰী ভাঙি যোৱা।
খঙত নাহিবা বৰদৈচিলা তুমি
আহিবা হাঁহি হাঁহি।
আউলি-জাউলি তোমাৰ চুলি আঁচুৰিবলৈ
কাকৈঁ-ফণিলৈ আছে ৰৈ আইয়ে পদূলিতে বহি
আহিলে তুমি মাকে দিব মাধৈ ফুল
বাপেকে দিব খাৰু
ককায়েকে দিব কাপোৰ কানি
ভায়েকে দিব কেৰু।
তুমি আহিবা বুলি জানিব পাৰি
থৈছোঁ আনি ঘৰতে বৰপীৰা এখনি।
ভাগৰ আঁতৰাবলৈ পাৰি দিব শীতল পাটী
বৰ আৰাম পাবা তুমি ইমানেই ঠাণ্ডা মাটি।
যাবা তুমিও মাকৰ ঘৰলৈ
মূৰৰ চুলি মেলাই।
নাযাবা পাহৰি বান্ধৱীহঁতক
নাযাবা সিহঁতক অকলেই পেলাই।
নাপালে কাষত তোমাক বিচাৰি
যাব সিহঁতো লৰা-লৰি
পিছে পিছে বেগাই।