বৰদৈচিলা – সত্যজিৎ গগৈ

Pc WFTV
বৰদৈচিলা
সত্যজিৎ গগৈ,
কলিয়াবৰ
লাহেকৈ বলা বতাহজাকে
যেতিয়া ৰুদ্ৰমুৰ্তি ধৰে
যেতিয়া সকলো নাশ কৰি
অশান্ত কৰি তোলে পৰিৱেশ
তেতিয়াই ই হৈ পৰে বৰদৈচিলা,
আৰু তাক শান্ত কৰিবলৈ
বাহিৰলৈ দলিয়াই দিয়া হয় ফণী
আইৰ তাঁতশালৰ ৰাঁচ্
ওপৰমুৱাকৈ জ্বলাই দিয়া হয়
খৰিকাত শিঙা শুকান জ্বলকীয়া
চটিয়াই দিয়া হয় বগা সৰিয়হ,
বৰদৈচিলাৰ এটা বৈশিষ্ট্য আছে
সকলো শেষৰ পিচতো সৃষ্টিৰ স্বপ্ন
আৰু নিকা কৰা হয় কলুষিত সমাজ।