বৰদুৱাৰ বাগানত ভূমি সম্পৰ্কীয় বিশাল প্ৰতিবাদী সভা
শৈলেন কুমাৰ, মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- কামৰূপ জিলাৰ পলাশবাৰী বিধান সভা সমষ্টিৰ অসম মেঘালয় সীমান্তৱৰ্তী বৰদুৱাৰ বাগানৰ পিয়োবাৰী (কণামটকা) খেলপথাৰত বৃহস্পতিবাৰে ভূমি সম্পৰ্কীয় এখনি বিশাল প্ৰতিবাদী সভা অনুষ্ঠিত হয় ৷ পলাশবাৰী ৰাজহ চক্ৰৰ ৰাভা হাছং এলেকাৰ অন্তৰ্গত বৃহত্তৰ ১নং বৰদুৱাৰ চাহ বাগিছা ,২নং বৰদুৱাৰ চাহ বাগিছা আৰু ৩নং বৰদুৱাৰ চাহ বাগিছাত বসবাস কৰি থকা খিলঞ্জীয়া লোক সকলোক উচ্ছেদিত কৰাৰ কূটিল ষড়যন্ত্ৰ ৰচনা কৰাৰ গুৰুতৰ অভিযোগ তুলি প্ৰতিবাদী সভাখন অনুষ্ঠিত হয়। গোবিন্দ ৰাভাৰ সভাপতিত্বত বৰদুৱাৰ বাগান ভূমি পট্টন দাবী সমিতিৰ উদ্যোগত আয়োজিত সভাখনত জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰ,কিশোৰ কুমাৰ কলিতা, কৃষ্ণ গগৈ তথা চানডুবি পৰিষদীয় সমষ্টিৰ প্ৰাক্তন পাৰিষদ নৃপেন চন্দ্ৰ ৰাভা, আৰছু নেতা দেৱজিত নাফা,অশোক নংবাগ, কমলেশ্বৰ ৰাভা , সুভাষ চিনাল তথা আদিবাসী নেতা মানিক উৰাঙৰ উপৰি সুব্ৰত তালুকদাৰ, আদিত্য ৰাভাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে খিলঞ্জীয়া লোক সকলৰ ভূমি অধিকাৰ হকে ঐক্যবদ্ধ সংগ্ৰাম গঢ়ি তুলিবলৈ ৰাইজক আহ্বান জনাই ৷ অঞ্চলস্থ পুৰুষ মহিলা তথা সৰ্ব সাধাৰণ ৰাইজ উপস্থিত থাকি মালিক পক্ষ হুচিয়াৰ,হেমাংগ ঠাকুৰীয়া হুচিয়াৰ , আমাক ভূমি অধিকাৰ লাগিবই আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷