ব্ৰিটেইনছ্ গট টেলেণ্টত উজলিল অসম কন্যা
ৰঙিলী বাৰ্ত্তাসেৱা- আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত উজলি উঠিল ৯ বছৰীয়া অসম কন্যা বিনীতা ছেত্ৰী। আন্তঃৰাষ্ট্ৰীয় ৰিয়েলিটি শ্ব’ ব্ৰিটেইন গট টেলেণ্টত ২০২৫ চনৰ ফাইনেলত তৃতীয় স্থান দখল কৰি দেশক গৌৰৱান্বিত কৰিছে বিনীতা ছেত্ৰীয়ে। আন্তঃৰাষ্ট্ৰীয় পৰিসৰত অসম তথা ভাৰতক প্ৰতিনিধিত্ব কৰি এক ঐতিহাসিক কৃতিত্ব অর্জন কৰিবলৈ সক্ষম হয় বিনিতা। ৩১ মে’ত অনুষ্ঠিত এই ৰিয়েলিটী শ্ব’ৰ ফাইনেলত অংশগ্ৰহণ কৰা বিনিতা হ’ল, ভাৰতৰ পৰা ফাইনেলত স্থান লাভ কৰা প্ৰথম প্ৰতিযোগী।এই প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰে ব্ৰিটিছ যাদুকৰ হেৰী মোল্ডিং আৰু দ্বিতীয় স্থান লাভ কৰে এলইডি ডান্স গোট ‘দ্য ব্লেকআউটছ’। ফলাফল ঘোষণাৰ পিছত উল্লাসিত বিনীতাই কয়, ‘‘মই নিজক লৈ অতিশয় সুখী আৰু গৌৰৱান্বিত । এয়া সৰ্বোত্তম অভিজ্ঞতা ।’’ উল্লেখ্য যে, বিনীতা চেত্ৰীৰ ঘৰ অসমৰ কাৰ্বি আংলং জিলাত । ৰাজস্থানৰ জয়পুৰৰ মাই অ’ন স্কুলৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী বিনীতাৰ মূলঘৰ হৈছে অসমৰ বোকাজানৰ অমৰাজানত । সৰুৰে পৰাই আনুষ্ঠানিক প্ৰশিক্ষণ লোৱাৰ পূৰ্বে ইউটিউব ভিডিঅ’ৰ পৰা নৃত্য প্ৰদৰ্শন অনুকৰণ কৰি নৃত্যৰ প্ৰতি জন্মগত আকৰ্ষণ প্ৰদৰ্শন কৰিছিল বিনীতাই । বিনিতাৰ এই সফলতাত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত এক ভিডিঅ’ শ্বেয়াৰ কৰি গৌৰৱ প্ৰকাশ কৰিছে।