ব্যৰ্থ কবি- অসীম জ্যোতি দাস

Pc Roy Marshall
ব্যৰ্থ কবি
অসীম জ্যোতি দাস, মৰিগাঁও 
কেনে আছা কল্যাণী ?
আজি বহু দিনেই হ’ল তোমাৰ খবৰ নোপোৱা
মাজে মাজে খবৰ লবলৈ চেষ্টা নকৰা নহয়
কিন্তু!
মোৰ সেই চেষ্টাহে ব্যৰ্থ ।
এই ব্যৰ্থতাৰ শেষত
অতীত‌ ক্ষণ ৰোমন্থন কৰি তোমাক বিচাৰোঁ
কিন্তু,
তাতো তুমি মোৰ পৰা আঁতৰি থাকিব বিচাৰা,
তাতো যেন ব্যৰ্থ হৈ পৰো
মই নামৰ এই পদাৰ্থবিধ
আৰু তেতিয়াই দুচকুত ভিৰ কৰেহি স্মৃতি বোৰে ।
তোমাৰ ঢৌ খেলা মেঘালী চুলি কোঁচা আজিও একেই আছেনে?
কেতিয়াবা তোমাৰ সেই চুলি কোঁচা
নিদ্ৰাহীন মাজৰাতি দেউতাৰ আৰামী চকীখনত বহি
চিগাৰেটৰ ধোঁৱাৰে আঁকিব বিচৰোঁ
কিন্তু তাতো মই ব্যৰ্থ
আৰু কেতিয়াবা হুইস্কিৰ গ্লাচ হাতত লৈ
দুচকুত ভিৰ কৰা স্মৃতি বোৰ ৰোমন্থন কৰিব বিচাৰোঁ,
কিন্তু!
তেতিয়াও এই কবি ব্যৰ্থ
মুঠতে কল্যাণী নামটোৱেই ব্যৰ্থ এই কবিৰ বাবে।