ব্যস্ত সময় বনাম আজৰি সময়
সুনম বিশ্বাস
গোৰেশ্বৰ, তামুলপুৰ ️
সময় বোৱতী নৈৰ দৰে , ই অবিৰাম গতিত প্ৰৱাহিত হৈ থাকে । বিজ্ঞানৰ অভিনৱ অৱদানসমূহ তথা পৃথিৱীৰ এনে কোনো বস্তুৱেই সময়ক ধৰি ৰখাৰ ক্ষমতা নাই। কিন্তু মানৱ জীৱনৰ উজ্জ্বল মূহুৰ্তবোৰ কেমেৰাত আবদ্ধ কৰি ধৰি ৰাখিব পাৰি । সময়ে বহু কথা শিকাই যায়। ই সকলোৰে জীৱনত অভিজ্ঞতাৰ বিৰল চাপ পেলাই যায়। কিছুলোকৰ জীৱনত অটল সময় কিন্তু সুখ নাই , আন কিছুলোকৰ সময়ৰ অভাৱ থকা স্বত্বেও মহাসুখৰ অধিকাৰী । বিশাল জনাৰুণ্যত সময়ৰ অভাৱৰ বাবেই বহুলোক নিঃসংগ হৈ পৰে । প্ৰাণ খুলি হাঁহিবলৈ পাহৰি যায়।
বৰ্তমান আধুনিকতাৰ চক্রবেহুত পৰি প্ৰায়ভাগ লোকৰে মুখত সততে এটা কথা শুনা যায় যে ‘সময় নাই ‘ । মা – দেউতা, আত্মীয়- স্বজন, বন্ধু -বান্ধৱী কাকো সময় দিবলৈ আমাৰ হাতত সময় নাই। আমি ইমানেই ব্যস্ত সমাজ! ভাৰতীয় মান সময় মতে ২৪ ঘণ্টীয়া দিন-ৰাতি সকলোৰে বাবেই সমান। তেনেহ’লে সময়ৰ অভাৱ কিহৰ বাবে হৈছে ? এই ক্ষেত্ৰত প্ৰশ্নৰ অৱকাশ নাথাকে নে ?
প্ৰকৃতাৰ্থত আমি যান্ত্রিক পৃথিৱীখনৰ খুব আপোন বাসিন্দা হৈ পৰিছোঁ। আমি এতিয়া নিজৰ লগত কথা পাতিবলৈকো আহৰি নাপাওঁ। প্ৰতিটো ক্ষণ ফোনাকৃষ্ট হৈ পৰিছোঁ। যাৰ ফলশ্ৰুতিত মনৰ পৃথিৱীখন সংকুচিত হ’বলৈ ধৰিছে। বৃদ্ধ পিতৃ- মাতৃয়ে ল’ৰা-ছোৱালীৰ এষাৰ মাত শুনিবলৈ অধীৰ অপেক্ষাৰে ৰৈ থাকে । কিন্তু বৰ্তমানৰ সন্তানৰ হাতত জানো সময় আছে? যিটো বয়সত নাতি-নাতিনীহতঁৰ লগত ওমলি আনন্দ মনেৰে থাকিব লাগে , সেই বসয়ত যেন নাতি-নাতিনীহতঁৰো সময়ৰ অভাৱ। এক মিনিটৰ আহৰি নাই , বিদ্যায়ৰ পৰা আহি যিখিনি সময় ৰয় সেইখিনি সময়ো ল’ৰা-ছোৱালীক আধুনিক অভিভাৱকে হয়তো টিউচন নহ’লে গেমৰ এপটো অন কৰি দিয়ে। শাৰীৰিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি যে ঘৰৰ বাহিৰত সমনীয়াৰ সৈতে খেল – ধেমালি কৰিবলৈ দিব , তাকো নিদিয়ে।
এই ২৪ ঘণ্টীয়া সময়তে এফালে ঐকান্তিক অধ্যয়ন তথা অনুশীলনৰ দ্বাৰাই দেশত বিশ্ব বিশ্ৰুত পণ্ডিতৰ জন্ম হৈছে , কিছুলোকে মহাকাশত বিচৰণ কৰিছে যদি আন কিছুলোকে সমুদ্ৰৰ তলিৰ গভীৰতাৰ উমান লৈছে। কিছুলোকৰ বাবে ২৪ ঘণ্টা আশীৰ্বাদ আন কিছুমানৰ বাবে যেন অভিশাপ।
সময়ৰ অভাৱৰ বাবে এচাম ছাত্ৰ- ছাত্ৰীৰ পৰীক্ষাৰ বহী আধাতে উকা হৈ পৰে। আন এচামে আকৌ নিদিৰ্ষ্ট সময়ৰ ভিতৰতেই স্থান দখল কৰিবলৈ সক্ষম হয় । আচৰিত লাগে কেতিয়াবা কথাবোৰ ভাবিলে যে আমি সময়ৰ সদ্ ব্যৱহাৰৰ ক্ষেত্ৰত কিমান দুৰ্বল হৈ আছো।
দৰাচলতে আমি সময়ৰ মূল্য বুজি নাপাও। আমি কেৱল জীৱনটো সময়ৰ পাকচক্ৰতে অতিবাহিত কৰি আছো। নিৰ্দিষ্ট নিয়মাৱলী অনুসৰণ কৰি সময়ৰ সদ্ ব্যৱহাৰৰ প্ৰতি সজাগ নহও বা
ইয়াৰ গুৰুত্বৰ প্ৰতিও সচেতনতা অৱলম্বন নকৰোঁ। যাৰ বাবে আমাৰ এই সমস্যা । এক মিনিটৰ বাবে যেতিয়া কোনো যাত্ৰীয়ে ট্ৰেইন এখন মিছ কৰে ,তেতিয়া ঘণ্টাৰ পাছত ঘণ্টা অপেক্ষাৰত সেইজন যাত্ৰীক এবাৰ সুধিব , সময়ৰ মূল্য কিমান…?তেওঁ উদঙাই ক’ব সময়ৰ জীয়া গল্প।
সময় ওকলি যোৱাৰ পিছত অনুশোচনাৰ কোলত শুই গ’লেও দুনাই ঘূৰাই আনিব নোৱাৰি পাৰ হৈ যোৱা সোণোৱালী ক্ষণ ।
আচলতে আমি বেছিভাগেই সময়মতে কাম নকৰোঁ। ইয়াৰ কাৰণ কিছু ইচ্ছাকৃত হ’লেও এলাহ বা আৰ্জিত কাৰণেই অনেক। বৰ্তমান চিকিৎসালয়বোৰতো দেখা যায় ডাক্তৰ -নাৰ্চ, ৰোগীৰ অভিভাৱকৰ সময়ৰ আদ্যশ্ৰাদ্ধ কৰা ঘটনাবোৰ । ছিৰিয়াছ কণ্ডিচনৰ ৰুগীৰ দৰৱ ‘পাতি কিনিবলৈ গ’লেও পাৰাপাৰহীন শাৰীত থিয় হৈ থাকিবলগীয়া হয় । মানৱতাৰ খাতিৰত আমি কোনোবাই দিওনে সেইজন লোকক ফাষ্ট চাঞ্চ? নাই নিদিও ,পাৰিলে দাঠি কাজিয়া কৰাহে পৰিলক্ষিত হয়।
সেইদৰে , ট্ৰেফিকজামত এম্বুলেন্স এখনক পথ মুকলি কৰি দিও কিমানজনে ? সকলোৰে সময় যেন অমূল্য, সকলোৱে আগত যাবলৈ বিচাৰে কিন্তু এম্বুলেন্সৰ ভিতৰত থকা ৰোগী অথবা তেওঁৰ পৰিয়ালে বুজে সময়ৰ মূল্য কিমান।
গতিকে, সময় থাকোতেই আপোনজনক এষাৰ মৰমেৰে মাত দিয়ক। আমাৰ সমস্যা এইটো নহয় যে আমি সময় নাপাও , প্ৰকৃতাৰ্থত আমাৰ ঘাই সমস্যা হৈছে সময়সূচী নিৰ্ধাৰণ নকৰাটোহে। সেয়েহে উশাহবোৰ শেষ নিশাহ হোৱাৰ আগতেই আপোনত্বৰ একাকীত্ব জীৱনটোক অলপ সময় দি হ’লেও সুখৰ বন্যা বোৱাই দিওক। নিজৰ লগতে সকলোৰে সময়ৰ মূল্য বুজিবলৈ প্ৰয়াস কৰা উচিত।
কবিৰ দাসে কোৱাৰ দৰেই ” কাল কৰে সো আজ কৰ, আজ কৰে সো অব । পল মে পৰলয় হোয়েগী, বহুৰি কৰেগা কব।।” অৰ্থাৎ সময়ৰ কাম সময়তেই কৰিব লাগে , সময় উকলি যোৱাৰ পিছত অনুশোচনাত দগ্ধ হ’লেও একো লাভ নহ’ব। সময় গৈ থাকিব নিৰন্তৰ কেৱল আমি হেৰাই যাম সময়ৰ সোঁতত।