ব্যতিক্রম আৰু বৈভৱম-ৰ যৌথ উদ্যোগত আধ্যাত্মিক আৰু সাংস্কৃতিক পূৰ্ণ গাঁথনিৰ উদ্দেশ্যৰে ৩ ছেপ্টেম্বৰত শংকৰাচাৰ্য স্বামী নিৰঞ্জন দেৱ তীৰ্থ দেৱৰ ২৮ সংখ্যক পুণ্য তিথি সম্পূর্ণ

ব্যতিক্রম আৰু বৈভৱম-ৰ যৌথ উদ্যোগত আধ্যাত্মিক আৰু সাংস্কৃতিক পূৰ্ণ গাঁথনিৰ উদ্দেশ্যৰে ৩ ছেপ্টেম্বৰত শংকৰাচাৰ্য স্বামী নিৰঞ্জন দেৱ তীৰ্থ দেৱৰ ২৮ সংখ্যক পুণ্য তিথি সম্পূর্ণ

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ অগ্রণী সামাজিক তথা সাংস্কৃতিক সংস্থা ব্যতিক্রম আৰু বৈভবম-ৰ যৌথ উদ্যোগত শংকৰাচার্য স্বামী নিৰঞ্জন দেৱ তীর্থ দেৱৰ ২৮ সংখ্যক পুণ্য তিথি স্মৃতিত অনুষ্ঠিত ৩ ছেপ্টেম্বৰ তাৰিখে গুৱাহাটীৰ হোটেল ভিভান্তাত আয়োজন হয় এক ধর্মীয় অনুষ্ঠান। পুৱা ১০ বজাৰ পৰা আয়োজন হোৱা এই ব্যতিক্রমী আয়োজনত প্রধান অতিথি হিচাপে উপস্থিত থাকে শংকৰাচার্য গোবর্ধন পীঠ স্বামী অধোক্ষজানন্দ দেৱতীর্থ দেৱ উদ্যোগী শ্রুতি দত্ত বৰকাকতি, চাই বিকাশ এডুকেশন ইনষ্টিটিউটৰ সঞ্চালক প্রধান পি. এছ ৰেড্ডি, মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ স্বাস্থ্য বিজ্ঞান আৰু গৱেষণা বিভাগৰ সঞ্চালক ড০ অমল চন্দ্র কটকী, ৰাজনীতিবিদ মানস বৰা, সাংবাদিক অৰুণ চক্রৱর্তী প্রমুখ।  অনুষ্ঠাটিৰ উদ্দেশ্য আছিল সংযুক্ত ভাৰতৰ আধ্যাত্মিক আৰু সাংস্কৃতিক পূর্ণ গাঁথনি আৰু বিশ্বত সনাতন বৈদিক ধৰ্মৰ প্ৰচাৰ কৰা। এগছি বস্তি প্রজ্জ্বলন আৰু শিৱ শ্রুতিৰে অনুষ্ঠানৰ শুভাৰম্ভি হয়।

উল্লেখযোগ্য যে শংকৰাচাৰ্য গোবর্ধন পীঠ স্বামী দেৱে অসমত উপস্থিত হোৱাৰ পিছত এই খনে আছিল স্বামী দেৱৰ প্ৰথমখন ৰাজহুৱা সভা। য’ত উপস্থিত থাকি প্রথমতে স্বামী দেৱে তেখেতৰ গুৰু শংকৰাচার্য স্বামী নিৰঞ্জন দেৱ তীর্থ দেৱক শ্রদ্ধাঞ্জলী জ্ঞাপন কৰি তেখেতে কয় যে, “শাস্ত্রৰ মতে এজন ভাল ব্যক্তি হ’বলৈ হ’লে প্রত্যেক ব্যক্তিৰে এজন গুৰু থকাটো আবশ্যক। বৈদিক ধর্মৰ মতে মনুষ্য জীৱনক সফল কৰিবলৈ হলে চাৰি ধামৰ যাত্রা অতি আবশ্যক। যেতিয়া যেতিয়া বিশ্বত ধর্মৰ অবনতি আৰু অধর্মৰ উত্থান হ’ব তেতিয়াই দুষ্ট দমন আৰু ধর্মৰ সংস্থাপন কৰাৰ বাবে ভগৱানে নতুন অৱতাৰ ল’ব। সেইবাবে আমি সকলোৱে ধৰ্ম আৰু পৰত্মাৰ উপৰত আস্থা ৰাখিব লাগে।”

উক্ত অনুষ্ঠানৰ প্ৰসংগত ড০ সৌমেন ভাৰতীয়া কয় যে, “আমি এনে এক ধাৰাবাহিক অনুষ্ঠানৰ কল্পনা কৰিছোঁ য’ত ভাৰতৰ সজীৱ সাংস্কৃতিক বৈচিত্র্য আৰু আধ্যাত্মিক সমৃদ্ধি প্রদর্শন আৰু জনসাধাৰণৰ মাজত ঐক্য আৰু সম্প্রীতি প্রসাৰিত কৰিব। এই আলোচনাৰ জৰিয়তে আমি আধ্যাত্মিক দিশত সকলোকে আগুৱাই নিয়াৰ এক চেষ্টা কৰিছিলো লগতে নতুন প্রজন্ময় এনে এটা অনুষ্ঠান আকুৱালি লৈছে তাঁৰ বাবে আমি কৃতজ্ঞ। আগলৈও আমি এনে ধৰণৰ ব্যতিক্রম অনুষ্ঠান আয়োজন কৰি যাম।”