বোম বোম বোম্ ভোলানাথ – ইভা গন্ধীয়া ফুকন 

Pc Flipkart
বোম বোম বোম্ ভোলানাথ

 ইভা গন্ধীয়া ফুকন 

ফাগুন অহাৰ বাটেৰে আহে সদাশিৱ
মনুষ্যৰ পূজা খাবলৈ
কি দি পূজিম সদাশিৱ
কি আছে আমাৰ
ত্ৰিনয়নে দেখিছা সকলো নিশ্চয়
সকলোতে শাসন – শোষণৰ জয়জয়কাৰ
প্ৰজাৰ লাগিছে হাহাকাৰ
আহিলে শিৱৰাত্ৰি
হেৰুৱা সপোনবোৰ উঠে জাগি
সপোনবোৰৰ পম খেদি খেদি
চলাথ কৰিলো গিৰিকন্দৰ
সাঁতুৰিলোঁ কত অশান্ত সাগৰ
অশান্ত উৰ্মিমালাই কৰিলে বিভ্ৰান্ত
প্ৰাচুৰ্যৰ পোহৰৰ এই কোলাহলতো যেন
ক’ৰবাত আছে বিষাদৰ ছাঁ
ঠিক চাকিৰ তলত থকা অন্ধকাৰৰ দৰে
সপোনবোৰ শুই থাক দে তহঁত
নজগাওঁ এতিয়া
নটৰাজ হ’ব নোৱাৰোঁ মই
ভোকে পিয়াহে আছোঁ বুলি নাভাবিবি
পি খালোঁ মদিৰা পিয়লাই পিয়লাই
হৈ পৰিলোঁ নীলকণ্ঠ
খাই আছোঁ শিৱৰ প্ৰসাদ দিন- ৰাতি
মই যে এতিয়া বোম ভোলা ভোলানাথ।