বৈবাহিক জীৱনৰ পাতনি মেলিলে শুকুৰ আলীয়ে
ৰঙিলী বাৰ্ত্তাসেৱা- সততে ছচিয়েল মিডিয়াত এটা চৰ্চিত নাম শুকুৰ আলী।বিবাহ পাশত আৱদ্ধ হ’ল শুকুৰ আলী৷সামাজিক মাধ্যমত বহুল চৰ্চিত এই শুকুৰ আলীয়ে সোমবাৰে নিশা জীৱনৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰে।সোমবাৰৰ নিশা বৈবাহিক জীৱনৰ পাতনি মেলিলে শুকুৰ আলীয়ে।সম্পূৰ্ণ ইছলাম ধৰ্মীয় ৰীতি–নীতিৰে সম্পন্ন হ’ল শুকুৰ আলীৰ বিয়া।সমাজক সাক্ষী কৰি ইছলাম ধৰ্মীয় ৰীতি–নীতিৰে বিবাহপাশত আবদ্ধ হ’ল শুকুৰ।কোকৰাঝাৰৰ ডিংডিঙা ঠাকুৰপুৰ গাঁৱত শুকুৰৰ কইনা।কোকৰাঝাৰ জিলাৰ ডিংডিগা ঠাকুৰপুৰ গাঁৱৰ ছফীক মিঞাৰ কন্যা ছবিনা খাতুনৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিলে শুকুৰে।শুকুৰ আলীৰ বিবাহক লৈ চচিয়েল মিডিয়াত ব্যাপক চৰ্চা হোৱা পৰিলক্ষিত হৈছে।উল্লেখযোগ্য যে প্ৰায়ে সংবাদ মাধ্যমৰ সন্মুখত বক্তব্য ৰাখিবলৈ আগবাঢ়ি অহা শুকুৰে কিন্তু বিয়াৰ দিনা সংবাদ মাধ্যমৰ আগত কোনো মন্তব্য নকৰিলে।