বেলতলা বজাৰত বাটৰ নাট
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় ষ্টেট বেংকৰ উদ্যোগত দিনৰ ১১ বজাত বেলতলা বজাৰত প্ৰধান মন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা, প্ৰধান মন্ত্ৰী সুৰক্ষা বীমা যোজনা আৰু অটল পেঞ্চন যোজনাৰ বিষয়ে ৰাইজক সজাগতা কৰাৰ উদ্দেশ্যেৰে নাট্য গোষ্ঠী আঁৰ কাপোৰৰ দ্বাৰা সামাজিক সুৰক্ষাৰ গুৰুত্ব শীৰ্ষক এখনি বাটৰ নাট পৰিৱেশন কৰা হয়। ভাৰত চৰকাৰে সাধাৰণ জনতাৰ সামাজিক সুৰক্ষাৰ কথা চিন্তা কৰি ২০১৫ চনতে এই আঁচনি কেইখন ৰাইজৰ সুবিধাৰ্থে মুকলি কৰে যদিও ইয়াৰ সুবিধা সকলো ৰাইজে লোৱা নাই বাবেই আকৌ এবাৰ জনতাৰ মাজত সজাগতা সৃষ্টিৰ বাবে নাটখন পৰিৱেশন কৰা হয়।নাট খনত মুন কুমাৰ শইকীয়া, খলীনজ্যোতি বৰা, বিনোদ দাস , ধ্ৰুৱ দত্ত, অৰ্চনা কুমাৰী, অজন্তা হাজৰিকা, ভাস্বতী বৰা আৰু ধ্ৰুৱ কুমাৰে অভিনয় কৰে। নাটখনৰ পৰিকল্পনা ড০ দেৱজ্যোতি দত্ত আৰু পৰিচালনা ধীৰাজ কুমাৰৰ। নাট পৰিৱেশনৰ সময়ত ভাৰতীয় ষ্টেট বেংকৰ উপ মহাপ্ৰৱন্ধক প্ৰবীন অৱস্তি, সহকাৰী মহাপ্ৰৱন্ধক ড০ দেৱজ্যোতি দত্ত আৰু সহকাৰী উপ মহাপ্ৰৱন্ধক মনোজ সেন উপস্থিত থকাৰ লগতে সহকাৰী মহাপ্ৰৱন্ধক ড০ দেৱজ্যোতি দত্তই এক চমু বক্তব্যও দাঙি ধৰে। নাটখন উপভোগ কৰি উপস্থিত দৰ্শকে ভাৰতীয় ষ্টেট বেংকৰ এই প্ৰচেষ্টাৰ শলাগ লয় ।