বেটি বচাও বেটি পঢ়াও আঁচনিৰ” অধীনত “মৌনতা ভংগ কৰক – ঋতুস্ৰাৱৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা ব্যৱস্থাপনা ” শীৰ্ষক সজাগতা সভা সম্পন্ন

বেটি বচাও বেটি পঢ়াও আঁচনিৰ” অধীনত “মৌনতা ভংগ কৰক – ঋতুস্ৰাৱৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা ব্যৱস্থাপনা ” শীৰ্ষক সজাগতা সভা সম্পন্ন
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- সংকল্প: জিলা মহিলা সৱলীকৰণ কেন্দ্ৰ, মহিলা আৰু শিশু বিকাশ বিভাগ মাজুলীৰ উদ্যোগত, “বেটি বচাও বেটি পঢ়াও আঁচনিৰ” অধীনত আজি উজনি মাজুলীৰ ভকতিদুৱাৰ উচ্চতৰ মাধ্যমিক বি্যালয়ত “মৌনতা ভংগ কৰক – ঋতুস্ৰাৱৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা ব্যৱস্থাপনা ” ওপৰত এখন সজাগতা সভা অনুষ্ঠিত হয়। জিলা কাৰ্যক্ৰম সমন্বয়ক পল্লৱী মৰাঙে আঁত ধৰা সভাখনিৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়ায় ভকতিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কৃষ্ণৰাম বৈৰাগীয়ে । সভাখনিত ছাত্ৰী সকলক উদ্দেশ্যি জিলা মিছন সমন্বয়ক কুকি বৰুৱাই ঋতুস্ৰাৱৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু সজাগতা সম্পৰ্কীয় মন্তব্য আগবঢ়ায় । সভাৰ শেষত ১২০ গৰাকী ছাত্ৰীৰ মাজত চেনিটেৰী নেপকীন বিতৰণ কৰা হয় ।