বৃহত্তৰ গুৱাহাটী বিহু সন্মিলনী সমম্বয় সমিতিৰ সংবাদ মেল

বৃহত্তৰ গুৱাহাটী বিহু সন্মিলনী সমম্বয় সমিতিৰ সংবাদ মেল

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটী প্ৰেছ ক্লাবত বৃহত্তৰ গুৱাহাটী বিহু সন্মিলনীয়ে এখন সংবাদ মেল সম্বোধন কৰে। সংবাদ মেলত তেওঁলোকে জানিবলৈ দিয়ে যে, পেহেলগাম কাণ্ডৰ পিছত বৰ্তমান সময়ত সন্ত্ৰাসবাদী ৰাষ্ট্ৰ পাকিস্তানৰ লগত এক প্ৰকাৰ যুদ্ধ চলি থকাৰ বাবে অসমৰ বিভিন্ন প্ৰান্তত ৰঙালী বিহু তথা বিভিন্ন সাংস্কৃতিক অনুষ্ঠান এতিয়াও চলি আছে। কালি অসমৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ প্ৰতি সহাৰি জনায় উক্ত সন্মিলনীয়েও অসমৰ ৰাইজৰ প্ৰতি, আজিৰ সংবাদ যোগে আহ্বান জনায় যাতে এই অনুষ্ঠানবোৰ সাময়িকভাৱে বন্ধ ৰাখি ভাৰত ৰাষ্ট্ৰৰ এই যুদ্ধ কালীন দুৰ্যোগৰ সময়ত জাতি ভেদ নিৰ্বিশেষে এক হৈ থাকে৷ সংবাদ মেলত সভাপতি ৰঞ্জন বৰা, সম্পাদক অজয় তালুকদাৰ,কাৰ্য্যকৰী সভাপতি মধুৰঞ্জন নাথ, উপ সভাপতি মনোৰঞ্জন পাটোৱাৰীকে আদি কৰি সাংবাদিক সহ প্ৰায় ১৫ গৰাকী ব্যক্তি উপস্থিত আছিল৷