‘বুলড’জাৰ নীতি’ক লৈ গুৰুত্বপূৰ্ণ ৰায়দান উচ্চতম ন্যায়ালয়ৰ

‘বুলড’জাৰ নীতি’ক লৈ গুৰুত্বপূৰ্ণ ৰায়দান উচ্চতম ন্যায়ালয়ৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ‘বুলড’জাৰ নীতি’ক লৈ গুৰুত্বপূৰ্ণ ৰায়দান কৰিছে উচ্চতম ন্যায়ালয়ে। কোনো ব্যক্তি অপৰাধৰ গোচৰত অভিযুক্ত বা দোষী সাব্যস্ত হ’লে শাস্তিমূলক ব্যৱস্থা হিচাপে বুলড’জাৰেৰে তেওঁৰ বাসগৃহ ভাঙি পেলোৱাৰ সিদ্ধান্তৰ বিৰোধিতা কৰি গোচৰ ৰুজু কৰা হৈছিল শীর্ষ আদালতখনত।  উচ্চতম ন্যায়ালয়ে জনাই দিয়ে যে আৰক্ষী-প্রশাসনে কাকো ‘দোষী’ সাব্যস্ত কৰি শাস্তি দিব নোৱাৰে। এতিয়াৰে পৰা বাসগৃহ তথা অন্যান্য ‘অবৈধ’ গাঁথনি ভাঙিব গ’লে সেয়া কোনো নির্দিষ্ট নিয়মবিধি মানি ভাঙিব লাগিব। উচ্চতম ন্যায়ালয়ত বুলড’জাৰ গোচৰত ৰায়দান কৰে ন্যায়াধীশ বি আৰ গাভাই আৰু ন্যায়াধীশ কে ভি বিশ্বনাথনৰ বিচাৰপীঠে। ন্যায়াধীশ গাভাইয়ে কয়- আমি বাসস্থানৰ অধিকাৰৰ দিশটো গুৰুত্বসহকাৰে চাইছোঁ। সংবিধানৰ ১৯ আৰু ২১নং অনুচ্ছেদতো ইয়াৰ উল্লেখ আছে। বাসস্থানৰ অধিকাৰ এটা মৌলিক অধিকাৰ। এই ধৰণৰ অধিকাৰৰ পৰা নিৰপৰাধী মানুহক বঞ্চিত কৰাটো সম্পূর্ণ অসাংবিধানিক। ন্যায়াধীশ গাভাইৰ মতে যেতিয়া কোনো নির্দিষ্ট ঘৰ বা গাঁথনি হঠাতে ভাঙি পেলোৱাৰ সিদ্ধান্ত লোৱা হয়, অথচ অন্য গাঁথনিবোৰক ৰেহাই দিয়া হয়- তেতিয়া ধৰি লোৱা হ’ব পাৰে যে এই কামটো অবৈধ নির্মাণত বাধা দিবলৈ নহয়, বৰঞ্চ আইনৰ ঊর্ধ্বত গৈ কোনো ব্যক্তিবিশেষক শাস্তি দিয়াৰ বাবেই কৰা হৈছে। এনেধৰণে ক্ষমতাৰ অপব্যৱহাৰ কৰাটো মানি ল’ব নোৱাৰি বুলিও গাভাইয়ে মন্তব্য কৰে। ন্যায়াধীশগৰাকীয়ে কয়- কোনো ব্যক্তিয়ে বিচাৰ কৰিব নোৱাৰে কোন দোষী আৰু নির্দোষী। কোনেও এনেধৰণে আইন হাতত তুলি ল’ব নোৱাৰে। ইয়াৰ পিছত দুয়োগৰাকী ন্যায়াধীশৰ বিচাৰপীঠে কয় যে পূৰ্বৰ পৰা কাৰণ দৰ্শোৱাৰ জাননী অবিহনে কোনো গাঁথনি ভাঙিব পৰা নাযাব। জাননী প্ৰেৰণৰ পিছত ১৫ দিন সময় দিয়া হ’ব। তাৰ পিছত বিষয়টো জিলা দণ্ডাধীশক জনোৱা হ’ব। জিলা দণ্ডাধীশে নিয়োগ কৰা ন’ডেল অফিচাৰৰ তত্ত্বাৱধানত ভঙাৰ বিষয়টো বিবেচনা কৰি চোৱা হ’ব। এই সন্দর্ভত সংবিধানৰ ১৪২ ধাৰা অনুযায়ী নির্দেশনাও জাৰি কৰে শীর্ষ আদালতখনে। ‘বুলড’জাৰ নীতি’ক লৈ পূর্বেও প্রশ্ন তুলিছে উচ্চতম ন্যায়ালয়ে। এই  গোচৰত যোৱা পহিলা অক্টোবৰত অন্তর্বর্তী আদেশৰ ম্যাদ বৃদ্ধি কৰি দিছিল ন্যায়াধীশ গাভাই আৰু ন্যায়াধীশ বিশ্বনাথনৰ বিচাৰপীঠে। কেন্দ্রীয় চৰকাৰৰ উদ্দেশ্যে দুয়োগৰাকী ন্যায়াধীশৰ প্রশ্ন আছিল- কোনো ব্যক্তি অপৰাধ গোচৰত অভিযুক্ত বা দোষী সাব্যস্ত হ’লেও তেওঁৰ ঘৰ বুলড ‘জাৰেৰে ভাঙি পেলোৱা হ’ব কিয়? বৰঞ্চ ঘৰ ভঙাৰ ক্ষেত্ৰত সুনির্দিষ্ট নিয়ম থকা উচিত। কেন্দ্ৰৰ তৰফৰ পৰা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই যুক্তি দিয়ে যে ‘বুলড’জাৰ পদক্ষেপ’ তেতিয়াই গ্ৰহণ কৰা হয়, যেতিয়া কোনো ঘৰ বা গাঁথনি অবৈধভাবে নির্মাণ হোৱা বুলি প্রমাণ পোৱা যায়। ইয়াৰ উত্তৰত ন্যায়াধীশ গাভাইয়ে কয় যে এই সন্দর্ভত নির্দিষ্ট নিয়ম-বিধি বান্ধি দিয়া হ’ব। ইয়াৰ পিছতে শীর্ষ আদালতৰ তৰফৰ পৰা এই কথাও স্পষ্ট কৰি দিয়ে যে অবৈধ নির্মাণক ৰক্ষা কৰিব বিচৰা নাই ন্যায়ালয়ে। কিন্তু এইক্ষেত্রত নিয়ম-বিধি থকা দৰকাৰ। অৱশ্যে ৰাস্তা অথবা ফুটপাথৰ মাজত ধর্মীয় প্রতিষ্ঠান বা অবৈধ নিৰ্মাণৰ ক্ষেত্ৰত এই নির্দেশ প্রযোজ্য নহ’ব।