বুকুতে আছে লুকাই
যমুনা দুলু বৈশ্য,শুৱালকুছি
ছদ্মবেশী হৈ ঘুৰি ফুৰে
বাটৰ ধূলিয়ৰিৰে সেই তেজপিয়া বোৰ
ৰংবোৰ হয় সেমেকা হয়
জীৱন্ত ৰূপত কাঢ়ি নিয়া
বুকুৰ ভিতৰে বাহিৰে বাজি থাকে
ক্ৰন্দণৰ সুৰ ।
ৰাজহাড় পোনাই খোজকাঢ়িব
নিদিয়ে ,চকু পলকতে হেৰাই যায়
জীৱনৰ আশা, থাকে মাথো প্ৰত্যাশা
পদে পদে মাথো শংকা মনৰ
দুচকুত ভাঁহি থাকে বিষাদৰ ছাঁ
অজান ভৱিষ্যতৰ আৱৰণ ।
দুৰ্নীতিৰ তাণ্ডৱ লীলাৰ
হৃদয়ত নাই মানৱতা
হায় !জীৱশ্ৰেষ্ঠ মানৱ
শতজনগণৰ মাজত কিমান প্ৰলোভন
দেখুৱাই দিয়া সমিধান -পাৰিবানে
আঁতৰাব অন্যায় ,অবিচাৰৰ —?
লাগে সফলতাৰ –প্ৰত্যুত্তৰ —?