বীৰ জোৱান
অনামিকা (সংগীতা)কলিতা
হে মোৰ দেশৰ বীৰ জোৱান
তোমাৰ সাহসত আই মাতৃৰ
বুকুত উৰে বিজয় ধ্বজা ,
তোমাৰ মাত শুনি আহিছোঁ ওলাই
কেনেকৈ স্বাগতম জনাওঁ
ক’বলৈ ভাষা যে নাই ।
সীমান্তৰ প্ৰহৰী তুমি
ক’ত,উজাগৰী নিশা জীৱনৰ লগৰী,
তুষাৰৰ লগত হিম্ কণাৰ নাচোন,
হেঁলাৰঙে যুঁজি আই মাতৃৰ হ’লা
বুকুৰ আপোন ।
আইৰ বুকুত তপত তেজৰ চেঁকুৰা
পৰ্বত শিখৰত শত্ৰু জয়ৰ আখৰা,
হেজাৰ জনৰ ত্যাগৰ বন্তিগছি
জ্বলাই ৰাখিম আজীৱন তোমাৰ বেদীত।
জল,স্থল আৰু বায়ু একাকী
চৌদিশে আৱৰি প্ৰগতিৰ জয়ৰ উল্লাস ,
মানৱতাৰ আচলত তুমিতো জাগ্ৰত প্ৰহৰী
শতবাৰ প্ৰণাম জনাওঁ।