বি বৰুৱা কলেজত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন

Pc GKToday

বি বৰুৱা কলেজত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন

ৰঙিলী বাৰ্ত্তাসেৱা-  বিখ্যাত ৰমণ এফেক্টৰ আৱিষ্কাৰক, নৱেল পুৰস্কাৰপ্ৰাপ্ত,ভাৰত ৰত্ন ছাৰ চন্দ্ৰশেখৰ ভেঙ্কট ৰমণ দেবে বিজ্ঞানৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ সন্মানৰ বাবে প্ৰতিবছৰে ২৮ ফেব্ৰুৱাৰীৰ দিনতো ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাবে ১৯৮৭ চনৰ পৰা পালন কৰি অহা হৈছে৷ ইয়াৰ লগত সংগতি ৰাখি কলেজৰ পদাৰ্থ বিজ্ঞান বিভাগে স্কুলীয়া তথা কলেজৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত জিলা ভিত্তিক এখন পোষ্টাৰ প্ৰদৰ্শন প্ৰতিযোগিতা আয়োজন কৰে৷ ৰসায়ন বিজ্ঞান বিভাগে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত এখন কুইজ প্ৰতিযোগিতা অনুস্থিত কৰে৷ এই বছৰ বিজ্ঞান দিৱসৰ বিষয়” Global Science for Global Well-being” ৰ ওপৰত স্নাতক আৰু স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত এখন আলোচনা চক্ৰ অনুস্থিত কৰে৷ ৰসায়ন বিজ্ঞান বিভাগৰ মুৰব্বী ড° দিগন্ত চৌধুৰীয়ে আদৰনী ভাষণ প্ৰদান কৰা আলোচনা চক্ৰ খনত মূখ্য আলোচক হিচাবে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰসায়ন বিভাগৰ প্ৰাক্তন অধ্যাপক ড° প্ৰনব জ্যোতি দাস আৰু ড° অৱনী কুমাৰ মিশ্ৰ৷ যথেষ্ট সংখ্যক ছাত্ৰ-ছাত্ৰী অংশগ্ৰহণ কৰা আলোচনা চক্ৰ খনৰ অন্তত শলাগৰ শৰাই আগবঢ়াই ড° বিজয় শংকৰ গোস্বামীয়ে৷