বি চি চি আইৰ ভাৰপ্ৰাপ্ত সম্পাদকৰ দায়িত্বত দেৱজিৎ শইকীয়া
ৰঙিলী বাৰ্ত্তাসেৱা- বছৰৰ শেষত ৰাজ্যবাসীৰ বাবে এটি ভাল খবৰ । ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ড (বি চি চি আই)ৰ ভাৰপ্ৰাপ্ত সম্পাদকৰ দায়িত্বত অসম সন্তান দেৱজিৎ শইকীয়া । ব’ৰ্ডৰ অধ্যক্ষ ৰ’জাৰ বিন্নীয়ে দেৱজিৎ শইকীয়াক বিচিচিআইৰ ভাৰপ্ৰাপ্ত সম্পাদক হিচাপে নিযুক্তি দিলে। এতিয়াৰে পৰা জয় শ্বাহৰ স্থানত দেৱজিৎ শহকীয়াই চম্ভালিব বিচিচিআইৰ দায়িত্ব। ভাৰতীয় ক্ৰিকেটৰ সৰ্বোচ্চ সংস্থাটোৰ শীৰ্ষ পদবীত অধিষ্ঠিত হৈ প্ৰথমগৰাকী অসমীয়া হিচাপে গৌৰৱ অর্জন কৰে দেৱজিৎ শহকীয়াই। বর্তমানলৈকে ব’ৰ্ডৰ যুটীয়া সম্পাদকৰূপে কাৰ্যনিৰ্বাহ কৰি আছিল শইকীয়াই। এইয়াৰ পূৰ্বে শইকীয়াক আই চি চিৰ ব’ৰ্ড অৱ ডাৰেক্টৰ্ছৰ ভাৰতৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰা হৈছিল । ছেপ্টেম্বৰৰ পিছত পূৰ্ণকালীন সম্পাদক নিযুক্ত হ’ব। অসম ক্রিকেট সন্থাৰ প্ৰাক্তন সম্পাদক শইকীয়া আছিল এজন প্রথম শ্ৰেণীৰ ক্ৰিকেটাৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তাৰ লগতে বৰ্তমান অসম চৰকাৰৰ মহাধিবক্তা হিচাপেও দায়িত্ব পালন কৰি আছে তেওঁ। দেৱজিৎ শইকীয়াৰ এই খবৰে অসম ক্রিকেট সন্থালৈ কঢ়িয়াই আনিছে আনন্দৰ বতৰা। অসম সন্তানৰ এই সফলতাত সকলোৱে জনাইছে শুভেচ্ছা। চলিত সপ্তাহত ডুবাইত অনুষ্ঠিত আইচিচিৰ বৈঠকত উপস্থিত আছিল দেৱজিৎ শইকীয়া, যিয়ে ইংগিত দিছিল যে তেওঁ পৰৱৰ্তী সময়ত সম্পাদকৰ দায়িত্বত থাকিব পাৰে।তেওঁ অহা বছৰৰ ছেপ্টেম্বৰলৈকে এই ভূমিকাত থাকিব বুলি আশা কৰা হৈছে। তাৰ পিছত খালী পদটোত স্থায়ীভাৱে নিযুক্তি দিয়া হ’ব। দেৱজিৎ শইকীয়াক বিচিচিআইৰ ভাৰপ্ৰাপ্ত সম্পাদক হিচাপে নিযুক্তি দিয়া হৈছে। আইচিচিৰ অধ্যক্ষৰ ভূমিকা পালনৰ বাবে জয় শ্বাহে সম্পাদক পদ ত্যাগ কৰাৰ পিছত দেৱজিৎ শইকীয়াক এই পদৰ দায়িত্ব দিয়া হৈছে। সংবাদ প্ৰতিষ্ঠানৰ প্ৰতিবেদন অনুসৰি, বিচিচিআইৰ নিয়মৰ অধীনত স্থায়ী সম্পাদক নিযুক্তি নোহোৱালৈকে ব’ৰ্ডৰ সভাপতি ৰ’জাৰ বিন্নীয়ে তেওঁৰ সাংবিধানিক ক্ষমতা ব্যৱহাৰ কৰি শইকীয়াক অন্তৱৰ্তীকালীন সময়ৰ বাবে অৰ্থাৎ স্থায়ী নিযুক্তি নোহোৱালৈ ভাৰপ্ৰাপ্ত সম্পাদক হিচাপে নিযুক্তি দিয়ে ।