বিৰোধী শূন্য হলে গণতন্ত্ৰ কিমান সুৰক্ষিত ? – দেবর্ষি গৌতম

PC - Election Tamasha

বিৰোধী শূন্য হলে গণতন্ত্ৰ কিমান সুৰক্ষিত ?

দেবর্ষি গৌতম, বনগাঁও

এখন গণতান্ত্ৰিক দেশত গণতান্ত্রিকভাৱে নিৰ্বাচিত এখন চৰকাৰে দেশ অথবা ৰাজ্য এখনৰ ক্ষমতা লাভ কৰে। আচলতে নিৰ্বাচনত ৰাইজৰ ভোটৰ সহায়ত সংখ্যাগৰিষ্ঠ দল হিচাপে বিবেচিত হোৱা দলটোৱে চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত নেতৃত্ব বহন কৰে। যেতিয়া কোনো এটা দলে একক ভাবে সংখ্যাগৰিষ্ঠতা লাভ কৰে তেতিয়া সেই দলটোৱে আন দলৰ সহায় নোলোৱাকৈ চৰকাৰ গঠন কৰে। আনহাতে যেতিয়া কোনো এটা দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম নহয় তেতিয়া যিটো দলে সৰ্বাধিক আসন লাভ কৰে সেই দলটোৱে চৰকাৰ গঠন কৰিবলৈ সুযোগ লাভ কৰে। যেনেকৈ নহলেও নিৰ্বাচনৰ অন্তত দেশ অথবা ৰাজ্যত চৰকাৰ গঠন প্ৰক্ৰিয়া আৰম্ভ হৈ যায়। কিন্তু এইখিনিতে এই অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপিত হয় যে এখন চৰকাৰৰ সকলো কাম কাজৰ খতিয়ান লবলৈ দেশত অথবা ৰাজ্যত এক শক্তিশালী বিৰোধী থকাটো আচলতে কিমান প্ৰয়োজনীয় ? যদি আমি এই প্ৰশ্নটোৰ এক সূক্ষ্ম পৰ্য্যালোচনা কৰিবলৈ যাওঁ তেনেহলে দেখিবলৈ পাওঁ যে দেশ অথবা ৰাজ্যত এক শক্তিশালী বিৰোধী শক্তিৰ প্ৰয়োজন। যদি দেশ বা ৰাজ্যত বিৰোধীৰ শক্তি একেবাৰে দুৰ্বল হৈ পৰে তেনেহলে শাসনত থকা দলে যিকোনো এটা কাম কৰাৰ বাবে কোনো ধৰণৰ কুণ্ঠাবোধ নকৰে। চৰকাৰ জনবিৰোধী কাম সমূহ সাধাৰণ জনতাৰ আগত দাঙি ধৰিবলৈ এক শক্তিশালী বিৰোধী শক্তিৰ অতিকৈ প্ৰয়োজন। শাসনত অধিষ্ঠিত হৈ থকা চৰকাৰক যিহেতু সাধাৰণ জনতাই নিজৰ উজৰ-আপত্তি, দুখ-বেদনা আৰু অভাৱ-অভিযোগ পোনপটীয়াকৈ দিবলৈ সক্ষম নহয় তাৰ বাবে সকলোৱে বিচাৰে যাতে বিৰোধীয়ে ৰাইজৰ হৈ চৰকাৰৰ ওচৰত সকলোবোৰ বিষয় উপস্থাপন কৰি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰে। কিন্তু যদি দেশত অথবা ৰাজ্যত বিৰোধী একেবাৰে শূন্য হৈ যায় তেনেহলে চৰকাৰী পক্ষই যি দাবী কৰে সেয়াই সঁচা বুলি মানি লবলৈ সাধাৰণ জনতা বাধ্য হৈ পৰিব। আচলতে বিৰোধীৰ দুৰ্বল অৱস্থাৰ বাবে শাসনত থকা চৰকাৰ খনক দোষাৰোপ কৰিলে সমস্যাৰ সমাধান নহয়। যদি বিৰোধীয়ে নিজৰ নীতি আদৰ্শ পাহৰি কেৱল ব্যক্তি স্বাৰ্থ সিদ্ধিৰ বাবে শাসকীয় পক্ষৰ লগত চামিল হবলৈ চেষ্টা কৰে তেনেহলে শাসকীয় পক্ষই নিশ্চিতভাৱে সেয়া আদৰণি জনাব। সেয়া কোনো কাৰণতে শাসকীয় পক্ষৰ দোষ হব নোৱাৰে। যিদৰে নিৰ্বাচনত বিজয়ী হৈ চৰকাৰ এখন চলাবলৈ দক্ষ ব্যক্তিৰ প্ৰয়োজন ঠিক একেদৰে বিৰোধীত থাকি উদাত্ত কণ্ঠৰে ৰাইজৰ সমস্যা সমূহ দাঙি ধৰিবলৈ হলেও দক্ষতাৰ প্ৰয়োজন। যদি আমি বৰ্তমান সময়ৰ প্ৰেক্ষাপটত বিৰোধীৰ কথা পৰ্য্যালোচনা কৰিবলৈ যাওঁ তেনেহলে দেখিবলৈ পাম যে নিৰ্বাচনৰ আগত ৰাইজৰ জনাদেশ মানি লম বুলি কৈ জয়ী হোৱাৰ পিছত যদি বিৰোধীৰ আসনত বহিব লগীয়া হয় তেনেহলে নিজৰ সকলো প্ৰতিশ্ৰুতি আৰু নীতি আদৰ্শৰ জলাঞ্জলি দি শাসকীয় দললৈ লুটি বাগৰ মাৰে। এনে ধৰণৰ ৰাজনীতিয়ে সাধাৰণ ভোটাৰৰ মনত কিছু প্ৰশ্নবোধক চিহ্নৰ সৃষ্টি কৰে। ৰাইজে যেতিয়া এগৰাকী প্ৰাৰ্থীক ভোট দি বিজয়ী কৰাই তেতিয়া কিন্তু সেই প্ৰাৰ্থী গৰাকীক এটা নিৰ্দিষ্ট দলৰ অথবা এটা আদৰ্শক সন্মুখত ৰাখিয়ে ভোট প্ৰদান কৰে। পৰৱৰ্তী সময়ত যেতিয়া সেই একেগৰাকী প্ৰাৰ্থী লুটি বাগৰ মাৰি অন্য এটা দলত যোগদান কৰে তেতিয়া ভোটাৰৰ মনত কিছু প্ৰশ্নৰ উদয় হয়। যদি দেশ অথবা ৰাজ্যৰ ৰাজনীতিত এনেবোৰ কাৰ্য নৃত্য নৈমিত্তিক ভাবে চলি থাকে তেনেহলে ভবিষ্যতত হয়তো এনে এটা দিন আহিব যিটো দিনত বিৰোধী একেবাৰে শূন্য হৈ পৰিব। বিৰোধী শূন্য হৈ পৰাৰ লগে লগে দেশত গণতন্ত্ৰৰ প্ৰতি এক ভাবুকি আহি পৰিব। দেশৰ সক্ৰিয় ৰাজনীতিত ৰাইজক প্ৰতিনিধিত্ব কৰা প্ৰতিটো ৰাজনৈতিক দলত যোগদান কৰা প্ৰতিগৰাকী লোকে দলৰ নীতি আদৰ্শত ব্ৰতী হৈ প্ৰতি মুহূৰ্ততে ব্যক্তি স্বাৰ্থ আৰু ক্ষমতাৰ লালসা পৰিহাৰ কৰি ৰাজনীতিৰ পথাৰত নিজৰ খোজ দিলে হয়তো দেশ আৰু ৰাজ্যত এক শক্তিশালী বিৰোধী শক্তিৰ সৃষ্টি হোৱাত যথেষ্ট সহায়ক হব।