বিহু – সত্যজিৎ গগৈ

বিহু
সত্যজিৎ গগৈ, কলিয়াবৰ, নগাঁও
দুপৰ নিশা ফেঁচাৰ উৰুলি
কুলিৰ হিয়া ভগা বিননি
আন্ধাৰৰ মাজতো পোহৰ বিচাৰি
জোনাকী জাকৰ তিৰবিৰণি।
ভৰ দুপৰীয়া মন হয় উৰুঙা
ঢোল-পেঁপা-গগনা আৰু সমনীয়া
টকা-তাল-সুতুলিয়ে
গাঁওখনি কৰে মতলীয়া।
শিমলুৰ কলবোৰ তোলা হৈ উৰে
চৌদিশে মাথোঁ পছোৱা বলে
পানীৰ শিলবোৰে হৃদয় ভাঙে
দুখীয়াৰ দুখ কেতিয়াও নুগুছে।
ন-বসন্ত আহিব ফুলবোৰে নাচিব
গছে-বনে সলাব সাজ
সেউজীয়া পোছাকত ধৰণীয়ে হাঁহিব
ততে নাইকিয়া গাত।