বিহুৱান,হাঁচতি, টঙালি এই তিনি বস্ত্ৰ অসমীয়া সংস্কৃতিৰ প্ৰতীক
প্ৰিয়ম ৰাগিণী
ডিব্ৰুগড়
ঋতু পৰিৱৰ্তনক সাৰোগত কৰি পুনৰাই পালেহি ব’হাগৰ বিহুটি।বিহু বুলি কলেই আমাৰ গা সাতখন-আঠখন লাগে।কিমান যে আয়োজন বিহু বুলি কলে।পৰিৱেশলৈ এটা সুন্দৰ পৰিৱৰ্তন আহে।সেই পৰিৱৰ্তনৰ লগে লগে আমি সাজু হওঁ উৎসৱৰ সৈতে চামিল হ’বলৈ।বিহুলৈ এমাহ দেৰমাহ থকাৰ পৰাই ‘বিহুৱান’ তথা গামোচা, টঙালি, হাঁচতিৰ কথাই মনত চিন্তা লগায়।লোকসংস্কৃতিৰ বৰ ভেটি সৱল কৰা এই সম্পদবোৰ নহ’লে জানো আমাৰ বিহটো হ’ব?নিশ্চয়েই নহ’ব।পৰম্পৰাৰ ভেটিতেই গঢ় লৈ উঠে লোকসংস্কৃতি।এটা সময় আছিল গাঁৱৰ প্ৰতিঘৰ মানুহৰ চোতাল, পিৰালিতে তাঁতশাল এখনি আছিল।আমাৰ শৈশৱ, কৈশোৰৰ দিনবোৰত এই বিহুৰ সময়ত মা, পেহী, আইতাহঁতৰ তাঁতশালৰ খিতিৰ খিতিৰ খিতখিতনি শুনিয়ে ডাঙৰ হৈছিলোঁ।সেয়ে তেতিয়াৰ পৰাই মনত গঢ় লৈ উঠা ভাৱটো এতিয়াও মন মগজুৰ ভিতৰে বাহিৰে সোমাই আছে।বিহু মানেই যেন মাকোঁ, উঘা, তুলুঠা নাচনি জৰীৰ গিৰিপনি।খিতিৰ খিতিৰ মাকোঁ যিমানেই মাৰিব সিমানেই গামোচাত ফুল বচা আৰু গামোচা তৈয়াৰ হোৱাৰ কাম খৰতকীয়াকৈ আগবাঢ়িব।ইফালে আকৌ বিহুচেৰা শালযুতিও আকৌ অমংগলীয়া হ’ব বুলি এটা ভয়ো আছে।বিহুৰ আগতেই ‘বিহুৱান’ বুলি লগোৱা গামোচাখিনি শেষ কৰিব লাগিব।সেই সময় পিচে অতীত হ’ল।মাঁহত ,আইতাহঁত নোহোৱা হ’ল।তথাপিও জানো গামোচাৰ আদৰ কমিল?নকমে।লোকসংস্কৃতিৰ প্ৰতীক এই বস্ত্ৰৰ সদায়ে আদৰ থাকি যাব।যুগে যুগে বাপতি সাহোন বিহুটোত জ্যেষ্ঠ,কনিষ্ঠ অথবা মৰমৰজনক বিহুৱান যাঁচি আন্তৰিকতাৰ প্ৰদৰ্শন কৰিব লাগিব।বছেৰেকৰ বিহুত ‘বিহুৱান ‘যঁচাটো অসমীয়া মানুহৰ এক পৰম্পৰা।
সংস্কৃতি বোৱতী নৈ।নদ-নদী শুকাই গলেও সংস্কৃতিয়ে সংস্কৃতিৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিব।উৎসৱ পাৰ্বনত ব্যৱহৃত বস্ত্ৰক আমি সন্মান প্ৰদৰ্শন কৰিব লাগিব।সেয়ে বিহু উৎসৱত গামোচা,বিহুৱান ,টঙালি ,হাঁচতিৰ মূল্য সদায়ে থাকিব।অসমীয়া মানুহৰ গামোচাখন স্বাভিমানৰ বস্ত্ৰ।বছেৰেকৰ বিহু উৎসৱৰ এক এৰাব নোৱাৰা বস্ত্ৰ।গামোচাখন অন্য সময়ত মানুহৰ ‘গাা-মোচা’ হিচাপে ব্যৱহাৰ কৰিলেও কিন্তু বিহুৰ সময়ত এইখন ‘ বিহুৱান’ হিচাপেহে ব্যৱহাৰ কৰোঁ ।’ছাঁতে শুকুওৱা মুঠিতে লুকুওৱা’ ফকৰা যোজনাৰে খ্যাতি থকা অসমীয়া শিপিনীয়ে একে ৰাতিতে কাপোৰ বৈ উলিয়াই যুদ্ধলৈ গিৰিয়েকক বা ঘৰৰ মানুহক পঠোৱাৰো উদাহৰণ আছে।অসমীয়া ৰমণীয়ে ৰাতিৰ ভিতৰতে কপাহ নেওঠি ,ধূনি, পাঁজি কাটি,সূতা কাটি কাপোৰ বৈ উলিয়াই নিপুণতাৰ পৰিচয় দিব পাৰে।অসমীয়া সমাজত বিহুৰ সময়ত বস্ত্ৰদান কৰাটো পূণ্যৰ কাম বুলি জনা যায়। নিজে ন- বস্ত্ৰ পৰিধান কৰাৰ লগতে আনকো বস্ত্ৰ দান কৰি বৈকুন্ঠত স্থান লোৱাৰ কথাও বিহু গীতত উল্লেখ পোৱা যায়।বিহু গীতত আছে—
” চ’ততে চকৰী ব’হাগত বগৰী
জেঠতে আমনা ধান;
গৰু বিহুৰ দিনাখন সৎকাৰ কৰিবা
তেহে পাবা বৈকুন্ঠত থান!”
‘বিহুৱান’ হিচাপে ব্যৱহাৰ কৰা গামোচাখন আগতে আমাৰ পৰিয়াল বা অসমীয়া সমাজত ঘৰতে বৈ কাটি উলিয়াইছিল।’বিহুৱান’ হৈছে স্নেহ আৰু শ্ৰদ্ধাৰ প্ৰতীকস্বৰূপ।আগৰ দিনত সময়মতে ‘বিহুৱান’খন বৈ কাটি উলিয়াব নোৱাৰিলে ‘অকাজী’ নাম পাইছিল।বিহুগীতত ‘বিহুৱান’খনৰ কথা উল্লেখ পোৱা যায় এইদৰে…
“তুমি কৰি যাবা ৰোৱনী দাৱনী
মইনো বাই যাম হাল
তুমি লগাই যাবা বিহুলৈ বিহুৱান
মইনো পাতি যাম শাল”
পিচে সময় সলনি হৈছে।মানুহৰ ঘৰত তাঁতশালবোৰ নোহোৱা হৈছে।সময়ৰ অভাৱ আৰু শিপিনীৰ অভাৱে তাঁতশালৰ গৰিমা ম্লান কৰিছে।যিসকল লোকে ব্যৱসায়ভিত্তিক তাঁতশাল ব্যৱহাৰ কৰি বোৱা-কটাৰ ব্যৱসায় কৰি আছে সেইসকলৰ ঘৰতহে এতিয়া তাঁতশালৰ খিটখিটনি শুনিবলৈ পোৱা যায় আজিকালি।অৱশ্যে এতিয়াও গ্ৰামাঞ্চলৰ বহু লোকে তাঁতশালখনক আদৰ কৰা দেখা যায়।ঘৰতে বৈ কাটি লোৱা তথা ঘৰত পিন্ধিব পৰাকৈ বোৱা সাজযোৰ বা অন্যান্য বস্ত্ৰৰ মান্যতাই বেলেগ।ঠিক তেনেকৈ বাহিৰৰ পৰা অহা আমদানিকৃত গামোচাই থলুৱা শিপিনীয়ে বোৱা গামোচাৰ লগত ফেৰ মাৰিব নোৱাৰে ই সত্য কথা।অসমীয়া জনজীৱনত ‘মৰমৰ দীঘেদি চেনেহৰ বাণী’ৰে বোৱা গামোচাৰ মূল্য বহু ওপৰত।কেৱল অসমীয়া জনসমাজতে বুলি কলে ভুল কোৱা হ’ব।অসমীয়া বাৰে ৰহণীয়া কৃষ্টি সংস্কৃতিৰ ধ্বজাবাহী অন্য বড়ো,কাৰ্বি,মিচিং,ৰাভা,তিৱা দেউৰী আদি কৰি সকলো জাতিৰ মাজতে এই ‘বিহুৱান’ দিয়াৰ প্ৰবনতা থকা দেখা যায়।
“মৰমৰ দীঘেদি চেনেহৰ বাণীৰে
হেঁপাহৰ আঁচুৰে বোৱা
ফুলামকৈ বিহুৱান তোমালৈ বৈছোঁ
মনেদি এবেলি লোৱা”
সি যি কি নহওক ।বাপতি সাহোন বিহুত ঢোল পেঁপা বজাবলৈ আমাক গামোচা,টঙালি,হাঁচতি লাগিবই।গামোচাখন আমাৰ বৰ আদৰৰ বৰ মৰমৰ।অসমীয়া জাতীয় জীৱনৰ প্ৰতিটো কৰ্মতে যেন গামোচা এক অপৰিহাৰ্য বস্ত্ৰ ।আত্মীয়জনক,প্ৰিয়জনক বিহুৱান হিচাপে গামোচা দিয়াটো অসমীয়া সমাজৰ এক অপৰিহাৰ্য সংস্কাৰ তথা পৰম্পৰা।’বিহুৱান’ এখন গ্ৰহন কৰি বা ‘বিহুৱান’ এখন আপোনজনক প্ৰদান কৰা কাৰ্যটোত আত্মসন্তুতি জড়িত হৈ থাকে।’বিহুৱান’ বা ‘গামোচা’ৰ আকাৰ বৰ বেছি ডাঙৰ নহয়।ৰঙা পাৰিৰ লগতে কেতিয়াবা সেউজীয়া পাৰিৰো গামোচা বোৱা হয়। অসমৰ বাবে আটাইতকৈ ভাললগা কথাটো হৈছে যে ২০২২ চনৰ ১৩ ডিচেম্বৰত বস্তুৰ ভৌগোলিক ও প্ৰদৰ্শন পঞ্জীয়ন তথা সংৰক্ষণ অধিনিয়ম ১৯৯৯ অনুসৰি ভাৰত চৰকাৰে অসমৰ গামোচাক ‘জি আই টেগ’ অৰ্থাৎ ‘ভৌগোলিক উপদৰ্শন পঞ্জীয়ণ’ ত অন্তৰ্ভূক্ত কৰে।অসমীয়া মানুহে গামোচাখনক সংস্কৃতিৰ ধ্বজাবাহী বস্ত্ৰ হিচাপে গণ্য কৰে সমগ্ৰ অসমৰ বিভিন্ন ঠাইত ঠাই বিশেষে আকৌ গামোচাৰ নাম বেলেগ বেলেগকৈ উচ্চাৰণ কৰে ।গামোচা বিভিন্ন প্ৰকাৰৰ আছে।পানী গামোচা,তামোল গামোচা , বিহুৱান,ফুলাম গামোচা,ফুটুকী গামোচা আৰু কমৰবন্ধ।কিন্তু বিহুত লোৱা গামোচাখনৰ মান্যতা সদায় বেলেগ।গামোচা সাধাৰণতে ঢুলীয়াই মুৰত মাৰে,কঁকালতো বান্ধি লয় ।’গামোচা’ আৰু ‘বিহুৱান ‘বহুতে পৃথক বুলি কব খোজে।দুয়োমুৰে ৰঙা আঁচুৰে ফুল থকাখন ‘গামোচা’ আৰু এটা মুৰে ফুল থকাখন ‘বিহুৱান’।পিচে যিয়ে নহওক ‘বিহুৱান গামোচাখ’ন প্ৰিয়জন,আপোনজনক উপহাৰ দি আহ্লাদিত হোৱাটি অসমীয়া মানুহৰ সংস্কাৰ।’গামোচা’ যিদৰে আদৰৰ বস্ত্ৰ ঠিক সেইদৰে ‘টঙালি’ খনো ঢুলীয়াৰ বৰ আদৰৰ বস্ত্ৰ।বিহু নাচিবৰ বাবে ঢুলীয়াই কঁকালত ‘টঙালি’ মাৰি লয়।’টঙালি’ও তাঁতশালত বৈ উলিওৱা এক দীঘল বস্ত্ৰ।’টঙালি’ৰ জোখ সাধাৰনতে ডেৰ -বাৰহাত দীঘল হয়।’টঙালি’খন গামোচাৰ তুলনাত যথেষ্ট দীঘল হয়,ৰঙা সূতাৰে বোৱা ৰঙা ৰঙৰ টঙালি কঁকালত মাৰি নাচিলে ঢুলীয়াসকলে গাত শক্তি পোৱা যেন অনুভৱ কৰে।টঙালিত সোণালী বা হালধীয়া ৰঙৰ আঁচুৰে ফুল বচা হয়।টঙালি ঠেক আৰু দুয়োফালে শেলসহ ডাঙৰকৈ ফুল আৰু বুটা বচা থাকে।ভকতৰ মুৰত মৰা পাগখন আকৌ বগা বা মুগা ৰঙৰ হয়।টঙালি বস্ত্ৰক লৈ ফকৰা যোজনাও অসমীয়া সমাজত প্ৰচলিত আছে যে কিবা ভাল কাম কৰিবৰ বাবে গাত শক্তিৰ সঞ্চাৰ কৰি লোৱা কাৰ্যটোক ‘কঁকালত টঙালি বান্ধি’ লোৱা বুলি কয়।বা এনেদৰেও ফকৰা যোজনা পোৱা যায়
“ফটা হওক ছিটা হওক পাটৰ টঙালি
কণা হওক কুঁজা হওক ভূঞাৰ পোৱালী”
টঙালিখন কঁকালত কমৰবন্ধনী বা পেটীৰদৰে মেৰিয়াই বান্ধি সোঁফালে বিশেষ ধৰণেৰে গাঁঠি মাৰি ৰখা হয়।ই পুৰুষসকলৰ অধোবস্ত্ৰ আটিলকৈ বান্ধি ৰখাত সহায় কৰে।আহোম বিবাহ প্ৰথাত চকলঙ ৰ সময়ত কন্যাই দৰাৰ হাতত কঁকালত টঙালি কৱচ বান্ধে। …
“ৰাতি কপাহ ধূনি ৰাতিতে নেওঠি
ৰাতি পাঁজিসেৰা বাতি
মোৰ ধন চেনাইয়ে পুৱালৈ দিছিলে
চেনেহৰ টঙালি কাটি”
টঙালিৰ ব্যৱহাৰ আহোমৰ ছশবছৰীয়া ৰাজত্বকালতো উল্লেখ পোৱা যায়।মধ্যযুগৰ আহোম ৰমণীয়ে ৰণলৈ যোৱা গৃহস্থক একেৰাতিৰ ভিতৰতে টঙালি বৈ কাটি ৰক্ষাকৱচ হিচাপে দিছিল।ৰজনীকান্ত বৰদলৈৰ তাম্ৰেশ্বৰী মন্দিৰ উপন্যাসত এই টঙালিৰ বিষয়ে উল্লেখ পোৱা যায়। লোক প্ৰবচন মতে মোগলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ যোৱা আহোম সেনাপতি ফ্ৰাচেঙমুঙক পত্নী মূলাগাভৰুৱে ৰক্ষাকৱচ হিচাপে টঙালি বৈ দিব নোৱাৰাৰ বাবে ফ্ৰাচেঙমুঙৰ মৃত্যু ঘটিছিল।সেই যুদ্ধত মূলাগাভুৰৱেও অৱশেষত জঁপিয়াই পৰিবলগীয়া হৈছিল।
“ৰঙালী ঐ টঙালি ঐ
ব’হাগৰ বিহুৰে ধেমালি ঐ”
ঠিক তেনেকৈ হাঁচতিও এবিধ ক্ষুদ্ৰ বস্ত্ৰ।অসমীয়া কৃষ্টি সংস্কৃতিক চহকী কৰি ৰখা এই বস্ত্ৰবিধৰ মূল্য কেতিয়াও নকমে।হাঁচতি নাচনীয়ে কঁকালত বান্ধি ওলোমাই লয়।হাঁচতি আচলতে তামোল বন্ধা সৰু চানেকীয়া এখনি বস্ত্ৰ। হাঁচতি প্ৰকাৰ কেইবাবিধো বুলি বহুতে কব খোজে।সোণৰ সূতা দিয়া হাঁচতি,মুৰ হাঁচতি,পখৰুতং,তামোল বন্ধা হাঁচতি,তালুত সেন্দুৰ ফুল দিয়া হাঁচতি আদি।বিহুৱতী নাচনীগৰাকীয়ে হাঁচতিৰ ওলমি যোৱা অংশটোত সৰু ডবুৱা কটাৰী এখন বান্ধি লয়।বিহুৱা ডেকাই হাঁচতি দুয়োখন হাতত বান্ধি লোৱা দেখা যায়…
“ধনলৈয়ে বুলি হাঁচতি বৈছিলোঁ
ফুলতে লাগিলে কেণা
কোনজন ঈশ্বৰে তোমাৰে আমাৰে
জীৱনৰ ভাঙিব জেঙা”
অসমীয়া শিপিনীয়ে তাঁতত নানা ৰঙৰ হাঁচতি বৈ উলিয়াব পাৰে।তাহানিতে মহাত্মা গান্ধী অসমলৈ আহি অসমীয়া শিপিনীৰ তাঁতশালত কাপোৰ বৈ কাটি উলিওৱাৰ নৈপুণ্যতা দেখি তবধ মানি কৈছিল”অসমীয়া শিপিনীয়ে তাঁতশালত সপোন ৰচে”।ই সঁচাই এক অতুলনীয় কথা।হাঁচতি সাধাৰণতে দীঘলে বহলে এক ফুট জোখৰ হয় যদিও ইয়াতকৈও সৰু জোখৰো হাঁচতি থাকে।অসমীয়া সমাজত বোৱা-কটাত পাকৈত অসমীয়া শিপিনীয়ে তাঁতশালত নানা তৰহৰ হাঁচতি বৈ উলিয়াব পাৰে ।আজি কালি বজাৰত নানা জোখৰ আৰু নানাৰঙী হাঁচতি উপলব্ধ।আচলতে হাঁচতি শব্দৰ অৰ্থ নথকা নহয়।পূৰ্বতে কঁষিজীৱী অসমীয়া পুৰুষ মহিলাই কামৰ মাজে মাজে খাই থাকিবলৈ তামোল পাণ বান্ধি নিবলৈহে ব্যৱহাৰ কৰিছিল।তামোল পাণ দিয়াৰ চলেৰে পাছলৈ ডেকা গাভৰুৰ মনত প্ৰেমভাৱৰ উদয় হৈছিল আৰু বিহুগীতবোৰতো সেয়ে হাঁচতিৰ কথা উল্লেখ পোৱা যায়।
বিহুৰ লগত অংগাংগী সম্পৰ্ক থকা এই তিনিবস্ত্ৰ আমাৰ অসমীয়া সংস্কৃতিৰ এক এৰাব নোৱাৰা প্ৰতীক।এই তিনিবিধ বস্ত্ৰ নাচনী আৰু ঢুলীয়াই পৰিধান কৰি নাচিলেহে বিহুযোৰা বা বিহু ঢুলীয়াজন বা নাচনীজনী স্বয়ংসম্পূৰ্ণ হৈ উঠে ।
বিহু জাতীয় জীৱনৰ আশা আকাংক্ষা,ৰং আনন্দ তথা আৱেগ অনুভূতিৰ উৎসৱ।বছেৰেকৰ মূৰত বিহুটো আহে।গতিকে এই বিহুটো যাতে বৰবিহ নহয় তাৰ বাবে আমি সকলো সচেতন হৈ পৰোঁ।কেৱল বস্ত্ৰ কেইপদৰ কথা ভাবিলেই জানো হ’ব?খাদ্যৰসিক অসমীয়া চহা আমিবোৰে বিহুৰ দিনত ‘এশ এবিধ শাক’ খোৱা নিয়মৰ পৰা ‘আমৰলি পৰুৱা’,কণী যুঁজ কৰি সেই কণী ‘ভাজি খোৱা’ৰপৰা হুৰুম, সান্দহ ,চিৰা-পিঠা- জলপান খাইও আনন্দ কৰোঁ।বিহুটো যেহেতু আমাৰ কৃষিৰ লগত সম্পৰ্কিত উৎসৱ।কৃষি আৰম্ভণি আৰু সামৰণিৰ লগত সামঞ্জস্য ৰাখি আমি বছৰৰ তিনিটা সুকীয়া সময়ত তিনিটা বিহু উৎসৱ পাতি আনন্দ কৰোঁ।ব’হাগ মাহৰ ৰঙালী বিহুটোত আনন্দৰ পৰিমান সদায়ে বেছি হয়।মাঘ বিহুত খোৱাৰ প্ৰয়োভৰ বেছি হয় আনহাতে কাতি বিহুত আকালৰ পৰিমাণ বেছি বাবে কঙালী বিহু বুলি জনা যায়।তথাপিও কাতি বিহু কঙালী বুলি কোৱা সেই আগৰ প্ৰবচনটো আজিৰ দিনত অপ্ৰাসংগিক যেন লাগে।কৰ্মঠ অসমীয়া লোকসকলৰ ঘৰত আজিকালি কঙাল অৱস্থাৰ অৱসান ঘটিছে বুলিয়েই ক’ব পাৰি।সময়ৰ লগত বিহু উৎসৱ উদযাপনৰ ধাৰণাত অলপ হলেও পৰিৱৰ্তন আহি পৰিছে।
সি যি কি নহওক।বিহু আমাৰ জাতীয় উৎসৱ।এই বিহু উৎসৱ আয়োজন কৰাৰ পৰম্পৰা আমাৰ অতীজৰে পৰা চলি আহিছে আৰু চলি থাকিব।নিজৰ জাতিৰ মেৰুদন্ডস্বৰূপ এই বিহু সংস্কৃতিয়ে হৈছে আমাৰ প্ৰকৃত পৰিচয়।বিহু উৎসৱক বাদ দি আমি নিজক কেতিয়াও চিনাকি দিব নোৱাৰোঁ।গতিকে নিজ কৃষ্টি সংস্কৃতি পৰম্পৰাক অক্ষূণ্ণ ৰাখি আমি বিহু উদযাপন কৰি যাম।