বিহুগীতত শাক : চহা অসমীয়াৰ নান্দনিক সাংস্কৃতিক কৰ্ম
মুনিন্দ্ৰ বৈশ্য, ওদালগুৰি
অসমীয়াৰ ব’হাগ বিহু এনে এটা উৎসৱ য’ত অসমীয়া জনজীৱনৰ লগত জড়িত প্রতিটো বিষয়েই কিবা নহয় কিবা প্ৰকাৰে স্থান পাইছে। যেনে― খেল-ধেমালি, গীত-নৃত্য, সাজ-পোছাক, পিঠা-পনা, চৰাই-চিৰিকটি, জীৱ-জন্তু, ফল-ফুল, গছ-লতা, শাক-পাচলি আদি। কোনোটো যদি বিহুৰ লগত জড়িত নিয়ম-নীতি বা লোকাচাৰৰ মাজেদি আহিছে, কোনোটো আকৌ বিহুগীতৰ মাজেদি আহিছে। কোনোটো যদি বাদ্যযন্ত্ৰ হৈ আহিছে, কোনোটো আকৌ খাদ্যসম্ভাৰ হৈ আহিছে। বিশেষকৈ থলুৱা খাদ্যবস্তু ব’হাগ বিহুৰ লগত অংগাংগীভাৱে জড়িত। তেনে এবিধ খাদ্যবস্তু হৈছে শাক।
শাক মানুহৰ সুস্থ দেহ আৰু মনৰ বাবে আটাইতকৈ উপযোগী আৰু উত্তম খাদ্যবস্তু। শাকত প্ৰচুৰ পৰিমাণে আইৰণ, ভিটামিন, আঁহ জাতীয় (fibre) আৰু খনিজ পদাৰ্থ (minarels), প্ৰতিজাৰককে (antioxidants) ধৰি শৰীৰৰ বাবে উপযোগী প্ৰায়বোৰ মূল্যবান উপাদানেই থাকে। তাৰে ভিতৰত আকৌ বহুতৰে আছে ঔষধি গুণ। পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় ৮০ শতাংশ লোকেই স্বাস্থ্য সেৱাৰ বাবে বা ৰোগ নিৰাময়ৰ বাবে পৰম্পৰাগত ঔষধৰ ওপৰতেই বিশ্বাস কৰে; যাৰ সৰহখিনিয়েই নিষ্কাষণ কৰা হয় উদ্ভিদৰ পৰা।
প্ৰাচীন কালৰ পৰাই শাক-পাচলি মানুহৰ দৈনন্দিন আহাৰৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ আহিছে। আনকি অসমৰ প্ৰায় প্ৰতিটো জনগোষ্ঠীয়েই বিশেষ বিশেষ উৎসৱ-পাৰ্বনত শাক খোৱাটো এটা পুৰণিকলীয়া পৰম্পৰা। তাৰে ভিতৰত ব’হাগ বিহুত ‘সাত শাকী’ খোৱাটো এটা চহকী পৰম্পৰা। এই প্ৰথা অসমৰ প্ৰায়বোৰ জনগোষ্ঠীৰ মাজতেই প্ৰচলিত আছে। কোনোৱে গৰুবিহুৰ দিনা আৰু কোনোৱে সাত বিহুৰ ভিতৰত সাত শাকী খায়। সাত শাকী বুলি ক’লে বহুতেই সাত বিধ শাকৰে প্ৰস্তুত কৰা খাদ্যসম্ভাৰ বুলি ভাবে যদিও আচলতে কথাটো তেনেকুৱা নহয়। খোৱাৰ উপযোগী সকলো শাকেই ইয়াত সন্নিৱিষ্ট কৰা হয়। ফলত শাকৰ ভিন্নতা এক শতাধিক হয়গৈ। তাৰে ভিতৰত তিতা শাক অন্যতম। সাত শাকীত তিতাশাক লাগিবই লাগিব। ‘বাহক’ক তিতাৰ ৰজা আৰু ‘মৰলীয়া’ অথবা ‘ঠোটনি শাক’ক শাকৰ ৰজা বুলি কোৱা হয়। সাত শাকী খালে মানুহ নিৰোগী হয়, বা ৰোগ আৰোগ্য হয় বুলি মানুহে বিশ্বাস কৰে।
শাকৰ উপকাৰীতাৰ বিষয়ে সকলো জ্ঞাত। এই বিষয়ে নতুনকৈ আলোচনাৰ সকাম নাই। সেইবাবেই প্ৰাচীন কালৰে পৰা শাকৰ চাহিদা একেই আছে। সেই একে কাৰণতে হয়তো অসমীয়া কৃষিজীৱী স্বভাৱ-কবিসকলকো ইমানেই প্ৰভাৱিত কৰিছিল যে, তেওঁলোকে বিহুগীতৰ মাজতো শাকৰ নাম ল’বলৈ এৰা নাছিল। তাহানিতে চহা কৃষকে প্ৰেম-পীৰিতিসৰ্বস্ব বিহুগীতবোৰৰ মাজত শাকৰ উপকাৰীতাৰ বিষয়ে গুণ-গান গোৱা নাছিল সঁচা, তথাপিও চহা বিহুৱাই বিভিন্ন শাকৰ উপমা দি যি কৌশলেৰে বিহুগীতবোৰ গাইছিল, সেইবোৰ আজিও সমানেই জনপ্ৰিয়। তেনে কিছুমান শাক হৈছে ভেবেলি লতা, লাই শাক, লফা শাক, বেহাৰ শাক, খুতৰা শাক আদি।
বিহুগীতবোৰ প্ৰধানতঃ প্ৰেম-পীৰিতিৰ গীত। সেই গীতবোৰৰ মাজেৰে বিহুৱা-বিহুৱতীয়ে পৰস্পৰে পৰস্পৰলৈ প্ৰেম নিবেদন কৰে। উপৰুৱাভাৱে চালে তাৰ মাজত শাক-পাচলি, গছ-গছনি, চৰাই-চিৰিকটিৰ নাম লোৱাৰ প্ৰশ্নই নাহে। কিন্তু বিহুগীতৰ সৌন্দৰ্য তাতেই, য’ত প্ৰেম-পীৰিতিৰ মাজতো এইবোৰ প্ৰাকৃতিক বাস্তয়েও উপযুক্ত স্থান লাভ কৰিছে। প্ৰেম নিবেদন কৰি গোৱা বিহুগীতত যি বুদ্ধি আৰু কৌশলেৰে চহা অসমীয়াই লাই, লফা, খুতৰা আদি শাকৰ নাম লৈছিল, তাতেই পোৱা যায় স্বভাৱ-কবিসকলৰ শিল্পী মনৰ নৈপুণ্যতা।
আহকচোন সৌ তাহানিৰে চহা বিহুৱা-বিহুৱতীয়ে পৰিৱেশন কৰা তেনে কিছুমান বিহুগীতৰ বিষয়ে আলোচনা কৰোঁ।
শৰীৰৰ বাবে এবিধ উত্তম শাক হৈছে ভেবেলি লতা। ইয়াক পাদূৰী লতা বা ভেদাই লতা বুলিও জনা যায়। ই এবিধ ঔষধি গুণযুক্ত লতা শাক। তদুপৰি ই উত্তৰ-পূৰ্বাঞ্চলৰ মানুহৰ এবিধ পৰম্পৰাগত খাদ্যবস্তু। ইয়াক আৰ্থ্ৰাইটিছ, হাপানি, ডায়েৰিয়া, পাইলচ, ডায়েবেটিচ, দুৰ্বলতা আদি বিভিন্ন ৰোগত ব্যৱহাৰ কৰা হয়। এইবিধ লতাৰ প্ৰসংগ আনি বিহুৱা ডেকাই বিহুগীতত গাইছে এইদৰে―
চ’তে গৈ গৈয়ে ব’হাগে পালেহি
ফুলিলে ভেবেলি লতা
কৈ নো কৈ থাকিলে ওৰকে নপৰে
ব’হাগৰ বিহুৰে কথা।
লাই শাক প্ৰধানতঃ এছিয়া আৰু ইউৰোপত পোৱা যায়। ইয়াত প্ৰচুৰ পৰিমাণে A, C, E আৰু K ভিটামিন থাকে। তদুপৰি থাকে প্ৰতিজাৰক (antioxidants)। হৃদৰোগ, আলজেইমাৰ, কেঞ্চাৰ, কুকুৰী কণা, তেজ গোট মৰা আদি দেহৰ বিভিন্ন ৰোগ আৰু সমস্যাত লাই শাক উত্তম।
আনহাতে লফা শাকে শৰীৰৰ জ্বলা-পোৰা আৰু প্ৰদাহ (inflamation) দূৰ কৰাত সহায় কৰে। এই দুয়োবিধ শাকৰ নাম লৈ বিহুগীতত গৈছে―
লাইৰ মাজে মাজে লফা ৰুই দিলোঁ
কুকুৰাই খুচৰি খায়
অতি চেনেহৰে ব’হাগৰ বিহুটি
ধান দি ৰাখোতা নাই।
খুতৰা শাকত ৩৮% শতাংশ প্ৰটিন থাকে; তদুপৰি থাকে এমিন’ এচিড। দুয়োবিধ মানুহৰ দেহৰ বাবে অপৰিহাৰ্য উপাদান। হাপানী, শ্বাস-প্ৰস্বাসৰ সমস্যা, বিষ নিৰাময়, শৌচ খোলোচা কৰা, অভোক আদি বিভিন্ন সমস্যা দূৰ কৰাত খুতুৰা শাক উপযোগী। এইবিধ শাকৰ নাম লৈ বিহুগীতত গোৱা হৈছে এইদৰে―
এটা বাটিত নহৰু এটা বাটিত পনৰু
এটা বাটিত খুতৰা শাক
মূৰৰ চুলি ছিঙি আশীৰ্বাদ কৰিছোঁ
চেনাই তই কুশলে থাক।
ঢেকীয়াত প্ৰচুৰ পৰিমাণে ভিটামিন C, প্ৰটিন, শৰ্কৰা (carbohydtrate) আৰু আঁহ জাতীয় পদাৰ্থ (fibre) থাকে। উচ্চ ৰক্তচাপ, ছালৰ সমস্যা, মূৰৰ বিষ, জ্বৰ, ডায়েৰীয়া, ডিচেন্ত্ৰী, ফুলা, ছাল যোৱা আদি সমস্যা সমধানত ঢেকীয়া শাক উত্তম খাদ্য। বিহুগীতৰ মাজত ঢেকীয়াৰ বৰ্ণনা দি গোৱা হৈছে এইদৰে―
পৰ্বতৰ ঢেকীয়া চিৰিলি পতীয়া
মেকুৰীয়ে কৰিব মাও
এইবাৰৰ দোষ-দায় ক্ষমিবা ঈশ্বৰ ঐ
হস্তীৰো পিচলে পাৱ।
তিতাফুলক তিতাবাহক, ৰঙা বাহক, বাহকা তিতা আদি বিভিন্ন নামেৰে জনা যায়। তিতাফুলৰ বিভিন্ন প্ৰজাতি আছে। ইয়াক বিষ নাশক, প্ৰদাহ-প্ৰতিৰোধী আৰু মেলেৰিয়া নাশক হিচাপে ব্যৱহাৰ কৰা হয়। তদুপৰি ইয়াত প্ৰচুৰ পৰিমাণে প্ৰতিজাৰক (antioxidants) থাকে। তিতাফুলৰ নাম লৈ বিহুৱা ডেকাই গাইছে এইদৰে―
বাৰীৰ মাজে মাজে গোলাপ ফুল ফুলিলে
তিতাফুল ফুলিলে ঢাপত
তোমাৰে আমাৰে জোৰা নিমিলিলে
কোনোবা জনমৰ পাপত।
বেহাৰ বা সৰিয়হ মিঠাতেলৰ প্ৰধান উৎস। এই বিষয়ে আলোচনাৰ নিষ্প্ৰয়োজন। কিন্তু ইয়াৰ গছৰো আছে গুণাগুণ। এই শাক লিভাৰ আৰু কিডনীৰ ৰোগৰ বাবে উপকাৰী। তদুপৰি ইয়াৰ আছে বেক্টেৰিয়া প্ৰতিৰোধী গুণ। এইবিধ শাকৰ বৰ্ণনা দি বিহুৱাই গাইছে―
লুইতৰ চাপৰিত সৰিয়হ ফুলিলে
মোৱাপোকে বেৰি যায়
চেনাইৰ পথাৰত চেনেহবোৰ ফুলিছে
মৰহি মলঙি যায়।
সেইসকল স্বভাৱ-কবি প্ৰকৃততেই প্ৰকৃতিমুখী আছিল। সেইবাবেই এইদৰে বিহুৰ উৎপত্তিৰ সময়তে হোজা কৃষকে স্বতঃস্ফূৰ্তভাৱে গাবলৈ লোৱা বিহুগীতবোৰ চিৰসেউজ হৈ আছে। এয়াই বিহুগীতৰ সৌন্দৰ্য, এয়াই বিহুগীতৰ আকৰ্ষণ; য’ত প্ৰকৃতিৰ সকলো সৃষ্টিয়েই ভুমুকি মাৰে।