অনলাইন বাৰ্ত্তাসেৱা – ধাৰাসাৰ বৰষুণৰ মাজতে শনিবাৰে বিহাৰ বিধানসভা চৌহদ আৰু উপ মুখ্যমন্ত্ৰী ৰেণু দেৱীৰ বাসগৃহকে ধৰি পাটনাৰ কেইবাটাও অংশ বানপানীত প্লাবিত হয়। বতৰ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি, পাটনাত শুক্ৰবাৰৰ পৰা ১৪৫ মিমি বৰষুণ হৈছিল। এক দশকত ভিতৰত এয়ে আছিল সৰ্বাধিক। আনহাতে, বেছিভাগ মুখ্য পথৰ পৰাই পানী নিষ্কাষন কৰা হৈছে বুলি পাটনাৰ নাগৰিক বিষয়াসকলে কয়।