বিহাৰৰ বেগুচৰাইত নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- বিহাৰত নিৰ্বাচনী প্ৰচাৰ বিজেপিৰ অন্যতম ষ্টাৰ কেম্পেইনাৰ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাৰ। বিহাৰৰ বেগুচৰাইত কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই ভাষণত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে দেশত চৰ্চা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এইবাৰ লোকসভা নির্বাচনত কিয় ৪০০খন আসন লাগে? ইয়াৰ উদ্দেশ্য হৈছে পাক অধিকৃত কাশ্মীৰ(পিঅ’কে) উদ্ধাৰ কৰা, মথুৰাত কৃষ্ণ জনমভূমি মন্দিৰ, জ্ঞানব্যাপী মছজিদৰ স্থানত কাশী-বিশ্বনাথ মন্দিৰ স্থাপন, ইউচিচি প্ৰৱৰ্তন, লাভ জেহাদ বন্ধ কৰা, দেশৰ সংস্কৃতি-সভ্যতাক ৰক্ষণাবেক্ষণ দিয়া। কংগ্ৰেছে যাতে ৰাম মন্দিৰত পুনৰ বাবৰি মছজিদ নিৰ্মাণ কৰিব নোৱাৰে, তাৰ বাবেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৪০০খন আসনত জয়ী কৰাৰ প্ৰয়োজন। কংগ্ৰেছ দল, ৰাহুল গান্ধী আৰু আৰজেডিৰ নেতা লালুপ্রসাদ যাদৱক ক্ষুৰধাৰ সমালোচনা কৰি ভাষণত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে কংগ্ৰেছ আৰু ৰাহুল গান্ধীয়ে এতিয়া ৰাম মন্দিৰৰ প্ৰাণ প্রতিষ্ঠা কেতিয়া হ’ব, সেই প্রশ্ন নকৰে। কাৰণ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে নিজ হাতেৰে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰিলে। কংগ্ৰেছ আৰু ৰাহুল গান্ধীয়ে ৰাম মন্দিৰলৈ নাযায়। লালুপ্রসাদ যাদৱেও নাযায়। পূৰ্বৰ জন্মত তেওঁলোকে ইমান পাপ কৰিছে যে ভগৱানেও তেওঁলোক যোৱাটো নিবিচাৰে। যাৰ বাবে ভগৱানে তেওঁলোকক মতিভ্ৰম কৰি দিছে। এই জনমত ৰাহুল গান্ধী, লালু প্রসাদ যাদৱৰ ৰাম মন্দিৰ দৰ্শনৰ সুবিধা নিমিলিব। এয়া মোৰ গেৰাণ্টী। মুছলমানসকলে দুই-তিনিজনী ছোৱালী বিয়া পতা কাৰ্যৰো তীব্ৰ বিৰোধিতা কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে তাৰ বাবেই বিজেপিয়ে ইউচিচি আনিব। এইক্ষেত্রত ওৱেছিয়ে মুছলমানসকলে দুই-তিনিজনী ছোৱালী বিয়া কৰোৱাটো তেওঁলোকৰ স্বতন্ত্রতা বুলি কোৱা কাৰ্যৰো তীব্ৰ সমালোচনা কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে ১১-১২ বছৰ বয়সতে ছোৱালীক বিয়া পতাতো কেনেধৰণৰ স্বতন্ত্রতা? অসমত বাল্যবিবাহ বন্ধ কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে অসমত বাল্যবিবাহ কৰোৱা ৬ হাজাৰ লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি জে’ললৈ পঠিওৱা হৈছে। বাল্যবিবাহ কৰা সেইসকল লোক এটা নির্দিষ্ট সম্প্ৰদায়ৰ। সেইদৰে সমগ্ৰ দেশৰ লগতে অসমতো লাভ জেহাদ চলাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে হিন্দুৰ নাম লৈ একাংশই হিন্দু ছোৱালী বিয়া পাতে। বিয়াৰ পাছত গম পায় সেই যুৱকজন হিন্দু নহয়। এই লাভ জেহাদ আমি বন্ধ কৰিব লাগিব। হিন্দুৰ নাম লৈ হিন্দু ছোৱালীক প্ৰৰোচিত কৰি বিয়া পতাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’ব লাগিব। আমি এই লাভ জেহাদ বন্ধ কৰিম। সেইদৰে আমাৰ দেশৰ সংবিধান প্রণেতা বাবা চাহেব আম্বেদকাৰে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অ’বিচিৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰিছে। এই সংৰক্ষণ ধৰ্মৰ আধাৰত নহয়। কিন্তু পশ্চিমবংগ, কর্ণাটক, অন্ধ্রপ্রদেশ আদিকে ধৰি বিৰোধীৰ দখলত থকা বহু ৰাজ্যত অ’বিচিৰ বাবে সংৰক্ষিত আসনৰ চাৰিৰ পৰা ছয় শতাংশ আসন মুছলমানৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰিছে। আৰজেডিৰ নেতা লালুপ্রসাদ যাদবেও অ’বিচিৰ সংৰক্ষিত আসনত মুছলমানৰ বাবেও সংৰক্ষণৰ পোষকতা কৰিছে। লালুপ্রসাদ যাদবে স্পষ্টভাবে কৈছে- মুছলমানৰ বাবেও সংৰক্ষণ কৰিব লাগে। কিন্তু এই সংৰক্ষণ ভাৰতত নহ’ব। পাকিস্তানত হ’ব পাৰে। ভাৰতত মুছলমানৰ বাবে কোনো সংৰক্ষণ হ’ব নোৱাৰে। বৰং যি সংৰক্ষণ পাই আছে সেয়াও বন্ধ কৰাটোহে আমাৰ কাম। কাৰণ অ’বিচি, অনুসূচিত জাতি, অনুসূচিত জনজাতিৰ অধিকাৰ কোনেও কাঢ়িব নোৱাৰে। ৰাহুল গান্ধী, লালুপ্রসাদ যাদবে আমাৰ অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অ’বিচিৰ অধিকাৰ যাতে কাঢ়িব নোৱাৰে, তাৰ বাবে নৰেন্দ্ৰ মোদীক এইবাৰ লোকসভা নির্বাচনত ৪০০ আসনত জয়ী কৰাব লাগে। ভাষণত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু ভাৰতীয়ই পাকিস্তানক ভয় নকৰে। আমাৰ দেশে এতিয়া আমেৰিকা-চীনৰ লগত প্ৰতিযোগিতা কৰি আছে ভাৰতক বিশ্বগুৰু কৰাৰ বাবে। কংগ্ৰেছৰ ৰাজনীতি তুষ্টিকৰণৰ ৰাজনীতি বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আৰু কয় যে আমি ভাৰতত তুষ্টিকৰণৰ ৰাজনীতি হ’বলৈ নিদিওঁ। আমি ৰাম মন্দিৰতে সন্তুষ্ট নহওঁ। ঔৰংগজেব আৰু বাবৰে যিবোৰ কৰি গৈছে, সেইবোৰ ওলট-পালত কৰি দিয়াৰ বাবেই আমি আৰু সময় বিচাৰিছোঁ। আমি দেশখনক এনেদৰে নিৰ্মাণ কৰিব লাগিব, য’ত হিন্দু সভ্যতাৰ ওপৰত আধাৰিত হয়। সংবিধান প্রণয়নৰ সময়ত আমাৰ সংবিধান সভাত ৯৫ শতাংশ হিন্দু লোক আছিল। পাকিস্তানৰ সংবিধান প্রণয়ণৰ সময়ত তেওঁলোকৰ সংবিধান সভাত ৯৫ শতাংশ মুছলমান আছিল। আমাৰ সংবিধান সভাত হিন্দু থকা বাবেই ভাৰতবৰ্ষ ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হয়। ইয়াৰ বিপৰীতে পাকিস্তান মুছলিম ৰাষ্ট্ৰ হয়। দেশৰ সংস্কৃতি-সভ্যতাক আমি ৰক্ষণাবেক্ষণ দিব লাগিব। দেশখনত বিকাশৰ গংগা নমাই আনিব লাগিব। আমি হিন্দু-মুছলমানৰ কথা নকওঁ, সকলোৰে বিকাশৰ বাবে কাম কৰোঁ। দেশৰ কল্যাণৰ বাবে বিজেপি নেতৃত্বাধীন এনডিএই কাম কৰে। আমাৰ সংস্কৃতি সংৰক্ষণৰ বাবেই এইবাৰ লোকসভা নিৰ্বাচনত নৰেন্দ্ৰ মোদীক ৪০০ আসন দিব লাগিব। ভাষণত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে আগতে পাকিস্তানৰ পৰা মানুহ আহি ভাৰতত বোমা বিস্ফোৰণ সংঘটিত কৰিছিল। কিন্তু প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে পাকিস্তানত বিস্ফোৰণ ঘটোৱাৰ পাছত এতিয়া পাকিস্তানৰ পৰা কোনেও ভাৰতলৈ আহি বোমা বিস্ফোৰণ ঘটাব নোৱাৰে। বিহাৰত বিজেপি নেতৃত্বাধীন এনডিএৰ প্রার্থীক এই নির্বাচনত জয়যুক্ত কৰোৱাৰ আহ্বান জনাই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে এনডিএই একমাত্র মিত্রদল, যিয়ে সুস্থিৰ চৰকাৰ গঠন কৰি বিহাৰৰ জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণ কৰিব পাৰে।