বিহালী সমষ্টিৰ ফলাফলৰ সম্পূৰ্ণ দায়িত্ব মই লৈছোঁঃ গৌৰৱ গগৈ
ৰঙিলী বাৰ্ত্তাসেৱা- বিহালী দখলৰ সপোন দেখা সাংসদ তথা লোকসভাৰ কংগ্ৰেছৰ উপ-দলপতি গৌৰৱ গগৈৰ দৰ্প-অহংকাৰ-গপ চূর্ণ কৰি পেলালে সদ্যঘোষিত নির্বাচনী ফলাফলে। বিহালীত নচলিল সাংসদ গৌৰৱ গগৈৰ যাদু। নিজ স্থিতিত অটল থাকি সাংসদ গৌৰৱ গগৈয়ে দলত যোগদান নকৰাকৈয়ে বিজেপিৰ টিকটবঞ্চিত জয়ন্ত বৰাক নিশাটোৰ ভিতৰতে কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্রদান কৰিছিল। ফলত ভূপেন বৰাই ত্যাগ কৰিবলগীয়া হৈছিল অসম সন্মিলিত মঞ্চৰ সভাপতিৰ পদ। বিৰোধী ঐক্য থানবান হৈ পৰিছিল। পিছে বিহালীত খুঁটি পুতি বহা সাংসদ গৌৰৱ গগৈয়ে জয়ন্ত বৰাক জয়ী কৰাব নোৱাৰিলে। ইয়াৰ বিপৰীতে ৫০,৯৪৭টা ভোট লাভেৰে সমষ্টিটোত বিজেপিৰ বিজয়ধ্বজা উৰুৱালে দিগন্ত ঘাটোৱালে। জয়ন্ত বৰাই ৪১,৮৯৬টা ভোটতে ক্ষান্ত থাকিবলগীয়া হয়। জয়-পৰাজয়ৰ ব্যৱধান ৯,০৫১টা ভোট। লক্ষণীয়ভাৱে এদিন আগলৈকে বিহালীত কংগ্রেছ জয়ী হোৱাৰ দাবী কৰি আহিছিল। পিছে আজি ফলাফল ঘোষণাৰ পিছত সেই একেজন মানুহে পৰাজয়ৰ দায়িত্ব ল’বলৈ বাধ্য হ’ল। সংবাদ মাধ্যমৰ গৌৰৱ গগৈৰ স্পষ্ট ভাষ্য- ‘বিহালী সমষ্টিৰ ফলাফলৰ সম্পূৰ্ণ দায়িত্ব মই লৈছোঁ।’ এতিয়া জয়-পৰাজয়ৰ ব্যৱধান হ্রাস পোৱাটোৱেই যেন তেওঁৰ বাবে স্বস্তি। সাংসদ গৌৰৱ গগৈয়ে কয় যে ফলাফলৰ দিশৰ পৰা মই যদি চাওঁ- বিহালীত ইয়াৰ পূৰ্বে যিমান নির্বাচন হৈছে কংগ্রেছে এনেধৰণৰ ভোট লাভ কৰা নাই। পূৰ্বতে কংগ্রেছে ২২-২৫ হাজাৰ ভোটত পৰাজিত হয়। বিজেপিৰ কিছুমানে ২০-৩০ হাজাৰ ভোটৰ ব্যৱধানত ওলাই যাব বুলি কৈছিল। আজি বিজয়ৰ মার্জিনক লৈ বিজেপি খুব সন্তুষ্ট হ’ব লাগে বুলিও মই নাভাবোঁ। বিহালীৰ নিৰ্বাচনৰ জৰিয়তে উত্তৰ অসমত কংগ্ৰেছে আৰম্ভণিহে কৰিছে। ভৱিষ্যতে উত্তৰ অসমত কংগ্ৰেছক আৰু অধিক সক্ৰিয় কৰিম। বিহালী সমষ্টিটো চিপিআই (এমএল)ক এৰি নিদিয়াৰ প্ৰসংগ উনুকিয়াই দিয়াত তেওঁৰ প্রতিক্রিয়া আছিল এনেধৰণৰ- ভোট দেখিলেই। কংগ্ৰেছৰ সিদ্ধান্ত যে শুদ্ধ আছিল সেয়া এই নিৰ্বাচনৰ ফলাফলে প্রমাণ কৰি দিছে। বিহালীত জয়ন্ত বৰাৰ পৰাজয়ে সাংসদ গৌৰৱ গগৈৰ ৰাজনীতি কেৰিয়াৰত এক বৃহৎ প্রশ্নবোধকৰ সৃষ্টি হৈছে। সাংসদ গৌৰৱ গগৈয়ে জয়ন্ত বৰাক নিজাববীয়া সিদ্ধান্তৰে বিহালীত প্ৰক্ষেপ কৰাৰ সিদ্ধান্ত গ্রহণ কৰাৰ সময়ত বিশ্বনাথ জিলা কংগ্ৰেছ নেতা-কর্মীৰ উপৰি প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰে আলোচনা- বিলোচনা কৰা নাছিল। ফলত সাংসদ গৌৰৱ গগৈয়ে এককভাৱে বিহালীত নির্বাচনী প্ৰচাৰ চলাব লগা পৰিস্থিতি হৈছিল। তদুপৰি সাংসদ গৌৰৱ গগৈয়ে বিহালী সমষ্টিত ভাষণৱাজীৰে নিৰ্বাচনী ৰণ জিকাৰ প্ৰচেষ্টা চলাইছিল। ইয়াৰ বিপৰীতে মন্ত্ৰী পীযূষ হাজৰিকাই বিহালীৰ চুক-কোণৰ জনবিন্যাস, আঞ্চলিক সমস্যা আৰু ৰাজনৈতিক ইছ্যু বিশ্লেষণ কৰি সাংসদ গৌৰৱ গগৈক ভোটযুদ্ধত নিতৌ ন ন কৌশল অৱলম্বন কৰি বিজেপিমুখী এক আভ্যন্তৰীণ টো সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। তদুপৰি বিহালীৰ বাঘমৰা উন্নয়ন খণ্ড এলেকাৰ অন্তৰ্গত ৰতোৱা গাঁও পঞ্চায়তৰ জিনজিয়া মহাবীৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰ আৰু বিহালী উন্নয়ন খণ্ডৰ বৰগাং গাঁও পঞ্চায়ত অন্তর্গত বিহালী স্নাতক মহাবিদ্যালয় খেলপথাৰত একোখনকৈ ৰাজহুৱা সভাত আৰু জিনজিয়া গাঁও পঞ্চায়ত এলেকাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এক পদযাত্রা কার্যসূচীত অংশগ্ৰহণ কৰি সমষ্টিটোৰ বাট-পথৰ উন্নয়নৰ হেতু ১০০ কোটিটকীয়া পেকেজ, বিহালীৰ গোর্খা সন্তান তথা অসম প্রদেশ কংগ্ৰেছৰ প্ৰতিষ্ঠাপক সভাপতি বাবু ছবিলাল উপাধ্যায়ৰ এক প্রতিমূর্তি গুৱাহাটীত স্থাপন, বাবু ছবিলাল উপাধ্যায়ৰ বিহালীৰ গাংমৌথানস্থিত বাসগৃহ সংৰক্ষণ, আদিবাসী-চাহ জনগোষ্ঠীৰ উপ-জাতি উড়িয়া জনগোষ্ঠীয় সাংস্কৃতিক প্রকল্প নিৰ্মাণৰ ঘোষণাকে ধৰি একাধিক উন্নয়নমূলক আঁচনি ৰূপায়ণৰ প্রতিশ্রুতিয়ে সমষ্টিটোত পঞ্চমবাৰলৈ বিজেপি জয়ী হোৱাত মূল ভূমিকা গ্ৰহণ কৰা বুলি ৰাজনৈতিক বিশ্লেষক মহলে দাবী কৰিছে। মূলতঃ সাংসদ গগৈয়ে ক্ষমতা লাভৰ সুযোগ বিচাৰি বিৰোধী মিত্ৰতা ভংগ কৰি ব্যক্তি স্বার্থ পূৰণৰ যি অভিসন্ধি ৰচিছিল সেই অভিসন্ধি এটা দিনতে ভাঙি-ছিঙি চুৰমাৰ কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই।আনহাতে সাংসদ গগৈৰ পৰাজয়ত উৎফুল্লিত হৈ পৰিছে বিৰোধী মিত্রজোঁট অসম সন্মিলিত মঞ্চৰ নেতৃত্ব। দৰাচলতে বিহালী উপ-নির্বাচনত কংগ্রেছ প্রার্থী জয়ন্ত বৰা পৰাভূত হোৱাটো বিৰোধী মিত্রজোটৰ নেতা তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু সাংসদ অজিত কুমাৰ ভূঞাই মনে-প্রাণে বিচাৰিছিল। কিয়নো, বিহালীত নির্বাচনী প্ৰচাৰ বিৰোধী মিত্ৰজোঁটৰ নেতা অখিল গগৈ, লুৰিণজ্যোতি গগৈ আৰু সাংসদ অজিত কুমাৰ ভূঞাই কংগ্ৰেছ দল-প্ৰাৰ্থীৰ বিৰুদ্ধে নির্বাচনী প্ৰচাৰ চলাইছিল।