বিষাদৰ বেদনা
অ দাদা তুমি কেনি গ’লা
আজি মই তোমাক বিচাৰি
হৈ পৰিছো বাকৰুদ্ধ
অ দাদা তুমি কিয় আমাৰ পৰা চিৰদিনলৈ আঁতৰি গ’লা
তুমি আতৰি গ’লা সঁচা
কিন্তু থাকি গ’ল তোমাৰ
এমা- ডিমা দুটি পখিলা
মৌচাক জন্মভূমিৰ পৃষ্ঠাত আজি তোমাক বিচাৰোঁ
তুমি আতৰি গ’লা আমাৰ পৰা
ভাগি গ’ল আমাৰ পজা
ভগ্ন হৈ গ’ল আইৰ হৃদয়
অ দাদা কিয় দি গ’লা ইমান
বাৰু বিষাদ
আজি ধূলিৰ লগত বিলীন তোমাৰ স্মৃতিবোৰ ……
নেদেখা জনৰ ওচৰত কাতৰ অনুৰোধ
জনমে জনমে যাতে তোমাকেই পাওঁ দাদা হিচাপে
জ্যোতিময়ী দেৱী
দেৰগাঁও মিছামৰা