বিষাদময় জীৱন
নুৰ ইছলাম ক্কাদৰী, চিৰাং
অনুবন্ধতাৰ শিকলিত বান্ধ খোৱা দুচকুত মোৰ
প্ৰতিদিনে উদিত হয় সপোনৰ ৰামধেনু
যদি অপ্ৰাপ্তিৰ বিষাদেৰে ঘেৰি ধৰা বিবৰ্ণ মোৰ হৃদয় ।
সুখৰ আকাশ চোৱাৰ অযুত হেঁপাহবোৰ
কিয় জানো বাৰে বাৰে ভাঙে আইনাৰ দৰে
চকুৰ কোণত পৰি আছে
সাগৰসম ভালপোৱা ,
অথচ বিষবোৰে হৃদয়খনক চাপ দি ৰাখিছে ।
তথাপি ষষ্ঠেন্দ্ৰিয়ই কাণে কাণে কয়
” তুমি পাৰিবা, উঠাচোন অলপ” ,
অথচ বাস্তৱত মোৰ
ভৰি থ’বলৈ মাটিৰেই অভাৱ ।
পোহৰ অন্বেষণৰ ফলাফল মোৰ
অন্ধকাৰহে ,
কিমাননো আৰু
কঁপি উঠিব বুকু ,
সপোনবোৰৰ আত্মহননত
সময়বোৰে ৰক্তাক্তৰ পথত ভৰি দিছে ,
তুমিচোন জানাই তেজবোৰ দেখি
মই মূৰ্ছিত হওঁ ।
জীৱনে কয়
“জীয়াই থাকা, যুঁজি যোৱা, যি হয় দেখা যাব ।”
মৃত্যুৰ বাবে
এটা মাত্ৰ কাৰণেই যথেষ্ট ,
সেয়ে এতিয়া
মৃত্যু বৰ সহজ ।
তুমি মোৰ নহওঁতেই সময়বোৰে
অৱসৰ ল’ব নেকি !
অস্তগামী বেলিৰ শেষ পোহৰে
তোমাৰ বৰকৈ খবৰ সোধে ।
পাবনে এই অভিশপ্ত বিষাদবোৰৰ পৰা
তোমাক মোৰ কৰিব খোজা
হৃদয়খনে মুক্তি ?