” বিশ্ব বৰেণ্য শিল্পী ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকা দেৱৰ স্মৃতি দিৱসৰ সাংস্কৃতিক অনুষ্ঠান “

” বিশ্ব বৰেণ্য শিল্পী ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকা দেৱৰ স্মৃতি দিৱসৰ সাংস্কৃতিক অনুষ্ঠান “

অনামিকা (সংগীতা)কলিতা,শুৱালকুছি,ৰঙিলী বাৰ্ত্তাসেৱা- শুৱালকুছিৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান “লৌহ পুৰুষ প্ৰেমদাকান্ত শৰ্মা সংগীত বিদ্যালয়,শুৱালকুছিৰ উদ্যোগত যোৱা ১০ নবেম্বৰ /২০২৪ তাৰিখ দেওবাৰে বিভিন্ন কাৰ্যসূচীৰে “বিশ্ব বৰেণ্য শিল্পী ভাৰত ৰত্ন ড০ভূপেন হাজৰিকা দেৱৰ স্মৃতি দিৱস  অনুষ্ঠানটো  অনুষ্ঠিত কৰা হয়। শুৱালকুছিৰ এজন আগশাৰীৰ সংগীতজ্ঞ শ্ৰীযুত দীনেশ ডেকাৰ পৃষ্ঠপোষকতাত  গঢ়লৈ উঠা বেচৰকাৰী  বিদ্যালয়খনে যোৱা পোন্ধৰতা বছৰে শুৱালকুছিৰ পাৰ্শ্ববৰ্তী  অঞ্চলৰ  ছাত্ৰ-ছাত্ৰী সকলৰ সাংস্কৃতিক দিশত আগুৱাই নিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ইয়াৰ সমান্তৰালকৈ মুকলি মঞ্চৰ জৰিয়তে তেওঁলোকৰ প্ৰতিভা বিকাশ বাবে  সময়ে সময়ে এনে ধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰি  উৎসাহিত কৰি আহিছে। উক্ত অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে  সমাজ সেৱক শ্ৰীযুত মাধৱ বৈশ্যই। হাজৰিকা দেৱৰ প্ৰতিচ্ছৱিত মাল্যাৰ্পণ কৰে সমাজ সেৱক শ্ৰীযুত হেমেন্দ্ৰ শৰ্মাই । বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে সমাজ সেৱক শ্ৰীযুত ভৱেশ দাস  , বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি শ্ৰীযুত নৰেশ শৰ্মা দেৱৰ উপৰিও আন আন  গণ্যমান্য লোক।নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে , বিশিষ্ট লেখিকা শ্ৰীযুতা ৰুক্মিণী  দাস,কবি লেখিকা শ্ৰীযুতা অনামিকা (সংগীতা) কলিতা  ,শিক্ষয়িত্ৰী ৰশ্মিৰাণী বৈশ্য।

ছাত্ৰ ছাত্ৰীৰ গীত-মাতেৰে জীপাল হোৱা  অনুষ্ঠানটোৰ মাজে মাজে বিশিষ্ট ব্যক্তিসকলে সুধাকণ্ঠ, ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ জীৱনৰ ওপৰত কিছু ঘটনাৰ আলোকপাত কৰি নৱপ্ৰজন্মৰ লগতে  উপস্থিত ৰাইজক মোহিত কৰে।

উক্ত মঞ্চত বিশিষ্ট ব্যক্তিসকলৰ লগতে, শ্ৰীযুত মনমোহন দাস, শ্ৰীযুতা  উৰ্মীমলা দেৱী, শ্ৰীযুতা মঞ্জু কাকতি আদি কৰি আন আন  শিল্পী সকলক ফুলাম গামোচা, জাপিৰে সম্বৰ্ধনা জনোৱা হয় । অনুষ্ঠানৰ মাজতে প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ লগতে  ডাঃ শ্যামন্ত কলিতা, শ্ৰীযুতা যমুনা দুলু বৈশ্যই ভূপেন্দ্ৰ সংগীত  পৰিৱেশ কৰি উপস্থিত  শ্ৰোতাক আপ্লুত কৰে। গোটেই অনুষ্ঠানটো বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়  সাংস্কৃতিক বিভাগৰ প্ৰাক্তন সম্পাদক শ্ৰীযুত কৃষ্ণ মণি ডেকাৰ  সুন্দৰ পৰিচালনাত  নিয়াৰিকৈ চলাইনিয়াত সফল হয় ।