বিশ্ব কবিতা দিৱস ২১ মাৰ্চ
লখিমী শৰ্মা , যোৰহাট
১৯৯৯ চনত ইউনেস্কো ২১ মাৰ্চ তাৰিখে বিশ্ব কবিতা দিৱস হিচাপে ঘোষণা কৰে । এই দিৱস পালনৰ উদ্দেশ্য হ’ল বিশ্বব্যাপী কবিতা পাঠ , ৰচনা , প্ৰকাশনাও শিক্ষাকে উৎসাহিত কৰা । এই দিনটো সমগ্ৰ পৃথিৱীত কবিতা পঢ়া , লিখা , প্ৰকাশ কৰা আৰু পঢ়ুওৱাৰ গুৰুত্ব বুজোৱাৰ বাবে ধাৰ্য্য কৰা হৈছে । প্ৰতি বছৰে বিশ্বজুৰি ২১ মাৰ্চত এই দিৱস পালন কৰা হয় । কবিসকলক সন্মান জনোৱা , কবিতা আবৃত্তিৰ মৌখিক পৰম্পৰা পুনৰুজ্জীৱিত কৰা , কবিতা পঢ়া , লিখা আৰু শিকোৱাৰ প্ৰচাৰ কৰা , কবিতা আৰু অন্যান্য কলা যেনে থিয়েটাৰ , নৃত্য , সংগীত আৰু চিত্ৰকলাৰ মাজত একত্ৰীকৰণ বৃদ্ধি কৰা আৰু সংবাদ মাধ্যমত কবিতাৰ ব্যৱহাৰ বৃদ্ধি কৰাই ইয়াৰ প্ৰধান উদ্দেশ্য । ইউনেস্কোৱে প্ৰথমবাৰৰ বাবে ১৯৯৯ চনত পেৰিছত অনুষ্ঠিত ৩০ সংখ্যক সাধাৰণ সন্মিলনৰ সময়ত ২১ মাৰ্চক বিশ্ব কবিতা দিৱস হিচাপে গ্ৰহণ কৰিছিল । যাৰ উদ্দেশ্য আছিল কাব্যিক অভিব্যক্তিৰ জৰিয়তে ভাষিক বৈচিত্ৰ্যক সমৰ্থন কৰা আৰু বিপদাপন্ন ভাষাৰ সুযোগ বৃদ্ধি কৰা । ‘ কবিতা ‘ শব্দটো গ্ৰীক শব্দ পইয়েচিছৰ পৰা আহিছে , যাৰ অৰ্থ হৈছে ‘ নিৰ্মাণ ‘ । কবিতা হৈছে যোগাযোগৰ এক পুৰণি মাধ্যম , যি আফ্ৰিকা আৰু প্ৰাচীন ইজিপ্তত চিকাৰ কবিতাৰ সৈতে প্ৰাগ ঐতিহাসিক সময়ক সূচায় । পৃথিৱীৰ আটাইতকৈ দীঘল কবিতাটো হৈছে মহাভাৰত । খ্ৰীষ্টপূৰ্ব চতুৰ্থ শতিকাৰ বা তাৰ পূৰ্বৰ এটা ভাৰতীয় মহাকাব্য য’ত প্ৰায় ১.৮ নিযুত শব্দ আছে । বাল্মীকি আছিল বিশ্বৰ মহাকাব্য ৰামায়ণ হিচাপে জনাজাত প্ৰথম সংস্কৃত কবিতাৰ ৰচক । সেয়েহে , তেওঁক আদিকবি বা ভাৰতৰ প্ৰথম কবি বুলি কোৱা হয় ।