বিশ্বনাথ ঘাটৰ পৰা আপৰ নিৰ্বাচনী ৰণহুংকাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- লোকসভা নিৰ্বাচনলৈ মাজত মাথোঁ কেইটিমান দিন। নিৰ্বাচনৰ দিন বাৰ ঘোষণা নহ’লেও ৰাজ্যৰ তিনিটাকৈ লোকসভা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰি ৰণক্ষেত্ৰত নামি পৰিছে আম আদমী পাৰ্টি। সোমবাৰে দলৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাৰ উপস্থিতিত শোণিতপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বিশ্বনাথ ঘাটত সম্পন্ন কৰে অসমতো কেজৰিৱাল কাৰ্যসূচী। শোণিতপুৰ লোকসভা সমষ্টিৰ আপৰ মনোনীত প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যৰ উপস্থিতিত ৰাজেশ শৰ্মাই জনসম্পৰ্কমূলক এই মুকলি কৰে। জনসাধাৰণক বিভিন্ন প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰে বিগত দিনবোৰত ৰাইজৰ মৌলিক সমস্যা সমাধানত ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপন কৰে আপৰ ৰাষ্ট্ৰীয় নেতাগৰাকীয়ে। আগন্তুক দিনত পৰিবৰ্তন আৰু ৰাজ্যখনৰ উন্নয়নৰ স্বাৰ্থত বিজেপিক প্ৰতিহত কৰি আপৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যৰ বিজয় সুনিশ্চিত কৰিবলৈ আহ্বান জনায়। দলৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যই তেওঁৰ ভাষণত ৰাইজক দিল্লী আৰু পঞ্জাৱ চৰকাৰৰ কামৰ নমুনা প্ৰত্যক্ষ কৰিবলৈ আহ্বান জনায়। দিল্লীত শিক্ষা আৰু স্বাস্থ্যখণ্ডৰ ক্ষেত্ৰত ব্যাপক উন্নয়নৰ বিষয়েও উল্লেখ কৰে। আম আদমি পাৰ্টীৰ শোণিতপুৰ জিলা সমিতি আৰু বিশ্বনাথ বিধানসভা সমষ্টি কমিটিৰ উদ্যোগত অনুষ্ঠিত কাৰ্যসূচীত ভালেসংখ্যক দলীয় কৰ্মী – সমৰ্থকৰ উপৰি স্হানীয় ৰাইজে অংশগ্ৰহণ কৰে।