বিশ্বনাথত নির্মীয়মাণ চিকিৎসা মহাবিদ্যালয়খনৰ কাম-কাজ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিশ্বনাথত নির্মীয়মাণ চিকিৎসা মহাবিদ্যালয়খনৰ কাম-কাজ পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে পৰিদৰ্শনকালত দায়িত্ববাহী কর্তৃপক্ষক চিকিৎসা মহাবিদ্যালয়খনৰ কাম-কাজ ২০২৪ চনৰ নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশনা প্রদান কৰে। লগতে স্বাস্থ্য সেৱাক বৃত্তি হিচাপে গ্ৰহণ কৰিবলৈ ইচ্ছুক শিক্ষাৰ্থীসকলৰ শিক্ষাগ্ৰহণৰ প্রক্রিয়া সময়মতে সুচাৰুৰূপে আৰম্ভ কৰাৰ ক্ষেত্ৰত প্রয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈও নিৰ্দেশনা প্রদান কৰে। মুখ্যমন্ত্ৰীগৰাকীৰ লগতে পৰিদৰ্শনকালত সাংসদ পল্লৱলোচন দাস আৰু বিধায়ক প্রমোদ বৰঠাকুৰ উপস্থিত থাকে।