বিশিষ্ট সাহিত্যিক ইৰা বৰুৱাৰ গ্ৰন্থ উন্মোচন

বিশিষ্ট সাহিত্যিক ইৰা বৰুৱাৰ গ্ৰন্থ উন্মোচন

দেৱাশীষ গোস্বামী,নগাঁও, ৰঙিলী বাৰ্ত্তাসেৱা-  যোৱা ইংৰাজী ২ জানুৱাৰী দেওবাৰে যোৰহাটৰ কেবি ৰোড স্থিত “মুক্তি যুজাৰু ভৱন”ত ৰ’দালি সভাই আয়োজন কৰা “ৰ’দালি সভা বঁটা”প্ৰদানৰ এখন গাম্ভীৰ্যপূৰ্ণ সভাত যোৰহাটৰ কেইবাজনো বিশিষ্ট ব্যক্তিৰ উপস্থিতিত যোৰহাটৰ জনপ্ৰিয় সাহিত্যিক ইৰা বৰুৱাৰ দুখন গ্ৰন্থ উন্মোচন কৰে সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে।গ্ৰন্থ দুখনি ক্ৰমে গল্প সংকলন (গল্পশিখা) আৰু শিশু উপন্যাস (বিজয়ৰ বৈকুণ্ঠ যাত্ৰা)।মুঠ ১১টা গল্পৰে সমৃদ্ধ গল্পশিখাৰ ভাৱধাৰা একোটি ভিতৰুৱা পৰিয়ালৰ পৰিয়ালকেন্দ্ৰিক কাহিনী।ইয়াৰ প্ৰভাৱ আমাৰ সমাজ ব্যৱস্থাৰ ওপৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে পৰিব বুলি লেখিকা আশাবাদী।তাৰোপৰি তেখেতৰ শিশু উপন্যাসখনে আমাৰ কণ কণ মইনাহতঁৰ চৰিত্ৰ গঠনত সহায় হোৱাৰ আশা ৰাখি লেখিকা গৰাকীয়ে গ্ৰন্থ খন লিখি উলিয়াইছে।লেখিকাগৰাকীৰ গ্ৰন্থ দুখনি আমাৰ পাঠক সমাজে আকোঁৱালি ল’ব বুলি তেওঁ সম্পূৰ্ণ আশাবাদী।